টকিঅ’ পেৰা অলিম্পিকত নতুন অভিলেখ ৰচনা কৰি অৱনী লেখাৰাই দ্বিতীয়টো পদক অৰ্জন কৰিছে । ৫০ মিটাৰ ৰাইফল ইভেন্টত অৱনীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ।
পেৰা অলিম্পিকত দুটাকৈ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ হিচাবে পৰিগণিত হয় । ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত স্বৰ্ণ জয় কৰিছিল অৱনীয়ে ।
আনহাতে ভাৰতে আজি প্ৰবীন কুমাৰৰ জৰিয়তে লাভ কৰে আন এটা পদক । হাইজাম্পত প্ৰবীন কুমাৰে লাভ কৰে ৰূপৰ পদক । প্ৰবীন কুমাৰে ২.০৭ মিটাৰ জপিয়াই নতুন এছিয়ান ৰেকৰ্ড ৰচনা কৰি লাভ কৰে ৰূপৰ পদক ।
ভাৰতে এতিয়ালৈকে শ্বুটাৰ অৱনী লেখাৰা আৰু জেভলিনত সুমিত এন্টিলৰ জৰিয়তে দুটা সোণ ৬ টা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক সহ মুঠ ১২ টা পদকেৰে পেৰা অলিম্পিকত সৰ্বোচ্চ প্ৰদৰ্শন কৰিছে ।
লগতে পঢ়ক ডিম্পলে চিগাৰেট খোৱাৰ বাবে আশিক গুপ্তাই হত্যা কৰিলে ডিম্পলক