গুৱাহাটী : মনোময় স্প’ৰ্টছ ক্লাব, বিএমৱাইচি, খানাপাৰা পেগাছাছ আৰু গুৱাহাটী চিটী এফচি একাডেমীয়ে ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ (জিজিবিএল) কাপৰ তৃতীয় মেচডে’ত বৃহৎ বিজয় সাব্যস্ত কৰিছে৷
বেহাৰবাৰীৰ ‘গেম অন এৰেনা’ত চলি থকা এই প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত অনুৰ্ধ ১২ৰ মেচত বিএমৱাইচিয়ে খানাপাৰা পেগাছাছ ‘বি’ দলক ৭-২, খানাপাৰা পেগাছাছ ‘বি’ দলে মনোময় এছচিক ৬-৩, ৰুৰেল এছচিয়ে জিচিএফচি একাডেমী (বি)ক ৪-২ আৰু জিচিএফচি একাডেমী (এ) দলে ৰেইনবো এফচিচিক ১৬-০ গ’লত পৰাস্ত কৰে৷
অনুৰ্ধ ১০ ৰ মেচত এজেএ দিছপুৰে খানাপাৰা পেগাছাছক ৫-২, মনোময় এছচিয়ে ৰেইনবো এফচিচিক ৭-১ আৰু জিচিএফচি একাডেমীয়ে এজেএ দিছপুৰক ১১-৩ গ’লত পৰাস্ত কৰে৷