দেশত ক’ভিডৰ সংক্ৰমণৰ হাৰ দিনক দিনে বৃদ্ধি পোৱালৈ চাই বি চি চি আইয়ে স্থগিত ৰাখিলে ৰঞ্জী ট্ৰফীৰ মেছ । ইতিমধ্যে ঘোষণা কৰা সূচী অনুসৰি ১৩ জানুৱাৰীৰ পৰা প্ৰতিযোগিতা খন আৰম্ভ হ’বলগীয়া আছিল।

কোৰোনাৰ বৰ্ধিত সংক্ৰমণৰ বাবেই ইয়াক বাতিল কৰা হৈছে বুলি বি চি চি আইৰ সচিব জয় শ্বাহে এক বিবৃতি যোগে জানিবলৈ দিয়ে। বিবৃতিটোত উল্লেখ কৰা মতে, এক ঘৰুৱা প্ৰতিযোগিতা চিকে নাইডু ট্ৰফীও বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সময়সূচী এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। চলিত মাহৰ শেষৰ ফালে এই সূচী প্ৰকাশ পাব পাৰে বুলি আশা কৰা হৈছে। আনহাতে অহা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হবলগীয়া মহিলাৰ টি-২০ লীগও পিছুৱাই দিয়া হৈছে।

বিবৃতিটোত বি চি চি আইৰ সচিব জয় শ্বাহে কয়, “বি চি চি আইয়ে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে। আমি তিনিওটা প্ৰতিযোগিতা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো। অৱস্থা স্বাভাৱিক হোৱাৰ পিছত প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ বাবে বিবেচনা কৰা হ’ব।”

উল্লেখ্য যে ৰঞ্জী প্ৰতিযোগিতাখন ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। প্ৰথমখন খেল মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত পঞ্জাৱ আৰু মধ্য প্ৰদেশৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল।
শেহতীয়াকৈ প্ৰতিযোগিতাখনৰ সৈতে জড়িত একাংশ খেলুৱৈ আৰু কৰ্মচাৰী কৰোনা পজিটিভ পোৱা গৈছিল। মুম্বাই আৰু বেংগলৰ বহু কেইজন খেলুৱৈ কোৰোনাত আক্ৰান্ত হৈছিল।

পূবৰ সূচীমতে ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাৰ বাবে ১০৫ খন মেচৰ সূচী তৈয়াৰ কৰা হৈছিল। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ১৪ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply