নিউজ ডেস্কঃ আই পি এল ২০২৩ ৰ ১৫ তম মেচখনত, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ মাজত তীব্ৰতৰ যুঁজ হৈছিল। এই খেলখনত প্ৰথমে বেটিং কৰি আৰচিবি দলে বোৰ্ডত ২১২ ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ প্ৰত্যুত্তৰত লক্ষ্ণৌ দলটোৱে প্ৰথম ৩০ ৰাণৰ নৌসৌওতেই তেওঁলোকৰ ৩ টা উইকেট হেৰুৱায়। কিন্তু পিছত লক্ষ্ণৌৰ মিডল অৰ্ডাৰৰ বেটছমেনে ইমান ভাল প্ৰদৰ্শন কৰিছিল যে তেওঁলোকে শেষ বলটোত এটা উইকেট বাকী থকা অৱস্থাত মেচখন জিকিছিল।
লক্ষ্ণৌয়ে শেষত বাইৰ ৰূপত পোৱা এটা ৰাণে বাবে জয় নিশ্চিত কৰে। এনে জয়ত আনন্দিত হৈ পৰে দলটোৰ খেলুৱৈসকল। তেনে সময়ত ক্ৰীজত থকা অৱেশ খান বহু বেছি আক্রমণাত্মক আনন্দ কৰি পিন্ধি থকা হেলমেটটো একপ্ৰকাৰে দলিয়াই দিয়ে। যিটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
অৱেশ খানৰ এনে ব্যৱহাৰৰ ফলত বেটছমেন গৰাকী এতিয়া বিচিচিআইয়ে ৰ ৰোষত পৰিছে। অৱেশ খানৰ এনে আচৰণক লৈ আই পি এল কতৃপক্ষই এক বিবৃতি প্ৰকাশ কৰিছে।
বিবৃতিটোত লিখে যে, অৱেশ খানক আচৰণ বিধি উলংঘা কৰাৰ বাবে ভর্ৎসনা কৰিছে। অৱেশ খানে আই পি এল কোডৰ ২.২ দফা উলংঘা কৰিছে বুলি বিবৃতিটে কোৱা হৈছে। এয়া প্ৰথম বাবে অৱেশ খানক ক্ষমা কৰি দিয়াৰ কথাও কোৱা হৈছে বিবৃতিটোত।
লগতে পঢ়ক – কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে BJP ৰ প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা