নিউজ ডেস্ক: দেওবাৰে কলিকতাৰ ছল্ট লে’ক ষ্টেডিয়ামত বেংগালুৰু এফ চিয়ে মুম্বাই চিটি এফ চিক ২-১ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে।
বেংগালুৰু এফ চিৰ হৈ শিৱ শক্তিয়ে খেলখনৰ ১০ মিনিটত প্ৰথমটো গ’ল স্ক’ৰ কৰাৰ লগতে ব্ৰাজিলৰ এলান কোষ্টাই ৬১ মিনিটত দ্বিতীয়টো গ’ল দিয়ে। আনহাতে মুম্বাই চিটি এফ চি হৈ খেলখনৰ অপুয়াই একমাত্ৰ গ’ল কৰে।
২০১৪ আৰু ২০১৬ চনত I-League, ২০১৫ আৰু ২০১৭ চনত ফেডাৰেচন কাপ, ২০১৮ চনত ছুপাৰ কাপ আৰু ২০১৯ চনত ইণ্ডিয়ান ছুপাৰ লীগ জয়লাভ কৰাৰ পিছত এইবাৰ প্ৰশিক্ষক চাইমন গ্ৰেছনৰ অধীনত আৰু অধিনায়ক সুনীল ছেত্ৰীৰ নেতৃত্বত বেংগালুৰু এফ চিয়ে ডুৰাণ্ড কাপ জয়লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে খিতাপ জয় কৰাৰ পিছত সুনীল ছেত্ৰীয়ে মঞ্চৰ পৰা ট্ৰফী সংগ্ৰহ কৰাৰ সময়ত তেওঁক পশ্চিম বংগৰ ৰাজ্যপাল লা গণেশানে ঠেলি দিয়া এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই এইয়া ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন কেপ্টেইনজনক ‘অপমান’ কৰা হৈছে বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যপাল লা গণেশানক ক্ষমা খোজাৰ দাবী জনায়।
লগতে পঢ়ক – মহানগৰীৰ আঠগাঁও মাৰোৱাৰী হস্পিতালৰ ১০৬সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত