টকিঅ’ অলিম্পিকলৈ যোগ্যতা ফেন্সাৰ ভৱানী দেৱীৰ

নিউজ ডেস্ক: ভাৰতীয় ক্ৰীড়া ইতিহাসত এক নতুন যুগৰ সূচনা হৈছে ৷ ভাৰতৰ প্রথমগৰাকী ফেন্সাৰ হিচাপে আগন্তুক টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে ভৱানী দেৱীয়ে৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে টুইটাৰত দেশবাসীক এই শুভ সংবাদ দিয়ে আৰু ফেন্সাৰ ভৱানী দেৱীক অভিনন্দন জ্ঞাপন কৰে৷

এডজাষ্টেড অফিচিয়েল ৰেংকিং পদ্ধতি অনুসৰি ২৭ বছৰীয়া ভৱানী দেৱীয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে বিগত বর্ষত স্থগিত হোৱা টকিঅ’ অলিম্পিক অহা ২৭ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব৷ ২০০৪ চনত ১০ বছৰ বয়সৰ পৰা ফেন্সিং শিকিবলৈ আৰম্ভ কৰা ভবানী সিঙে কেৰেলাৰ ছাইৰ থালাছেৰী একাডেমীত প্ৰশিক্ষণ আৰম্ভ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply