নিউজ ডেস্ক : পেৰা অলিম্পিকৰ পৰাও ভাৰতলৈ সোণৰ পদক অহাৰ আশা। টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ পৰা শুকুৰবাৰে পুৱাই আহিছে এক ভাল খবৰ। টেবুল টেনিছত ভাৰত খেলুৱৈয়ে সোণৰ পদক আজুৰি আনিব পাৰে।
ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ ভাৱিনা পেটেল টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইতিমধ্যে ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা ভাৰতীয় মহিলা খেলুৱৈ ভাৱিনা পেটেলৰ সোণৰ পদক অৰ্জন কৰাৰ সম্ভাৱনা অধিক।
লগতে পঢ়ক : ‘হিল কুইন’ৰ ঠাই ললে ‘ভিষ্টাড’ম’ : ৰে’লেৰে উপভোগ কাৰকৰ সৌন্দৰ্য
টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ ছেমি ফাইনেলৰ খেলখনত শুকুৰবাৰে ভাৱিনা পেটেলে পৰাস্ত কৰে প্ৰাক্তন চেম্পিয়ন চীনৰ ঝেং মিয়াওক। ৩৪ বছৰীয়া ভাৱিনা পেটেলে কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ৫ নম্বৰ স্থানত থকা ছাৰ্বিয়াৰ খেলুৱৈক পৰাস্ত কৰিছিল।