নিউজ ডেস্ক : শুকুৰবাৰে ইতিহাস ৰচনা কৰি টকিঅ’ পাৰালিম্পিকত ভাৰতৰ বাবে প্ৰথমটো পদক নিশ্চিত কৰিলে টেবুল টেনিচ খেলুৱৈ ভাবিনাবেন পাটেলে।

৩৪ বছৰীয়া পাটেলে আজি অনুষ্ঠিত মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত ছাৰ্বিয়াৰ বিশ্বৰ ৫ নম্বৰ স্থানত থকা Borislava Peric Rankovic –ক ১১-৫, ১১-৬, ১১-৭ ব্যৱধানত পৰাস্ত কৰি ছেমি-ফাইনেলত প্ৰৱেশ কৰে।

কাইলৈ ছেমি-ফাইনেলত পাটেলে চীনৰ Zhang Miao –ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে ২০১৭ চনত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে টেবুল টেনিছৰ ছেমি-ফাইনেলত পৰাজয় বৰণ কৰা দুয়োগৰাকী খেলুৱৈক ব্ৰঞ্জৰ পদক দিয়া হয়।

কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ৰাউণ্ড ১৬-ৰ খেলত ভাবিনাবেন পাটেলে ব্ৰাজিলৰ Joyce de Oliveira –ক ১২-১০, ১৩-১১, ১১-৬ ব্যৱধানত পৰাস্ত কৰি পাৰালিম্পকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম গৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰে। য

লগতে পঢ়ক : হেৰাই যাবলৈ ধৰা নিজৰ মাতৃভাষাক জীয়াই ৰখাৰ অভিযানত ব্ৰতী এজন অৰুণাচলী লোক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply