গুৱাহাটী : অসমৰ পৰ্যটন সন্দৰ্ভত প্ৰচাৰ চলোৱাৰ অৰ্থে লাদাখ ৰাজ্যৰ ৰাজধানী লেহলৈ অসমৰ পৰা ১১ গৰাকী মটৰ চাইকেল আৰোহীৰ এটা দল বুধবাৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে। ৰাজ্যৰ পৰ্যটন, ক্ৰীড়া, শক্তি আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই নেহৰু ষ্টেডিয়ামত গামোচা জোকাৰি বাইকাৰ্ছৰ দলটোৰ যাত্ৰাৰ সুভাৰম্ভণি কৰে।

ক’ভিড পৰিস্থিতিৰ মাজতে অসমৰ যুৱক-যুৱতীৰ দলটোৰ এই দু:সাহসিক প্ৰচেষ্টাৰ শলাগ লৈ মন্ত্রী গৰাকীয়ে অভিযানৰ সফলতা কামনা কৰে। এই অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ড, এক্সপ্ল’ৰাৰছৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, এভাৰেষ্ট আৰোহী নন্দ দুলাল দাস, প্ৰণয় বৰদলৈ, অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণু নুনিছা, জেহিৰুল হক আদি বিশিষ্ট ব্যক্তি অতিথি হিচাপে অংশ লয়।

লগতে পঢ়ক : বঙাইগাঁও আৰু গোৱালপাৰাৰ চিলনী চোৰক আটক কৰিলে বিলাসীপাৰা আৰক্ষীয়ে

এই অভিযানৰ কালত দলটোৱে গুৱাহাটীৰ পৰা লেহলৈ মটৰচাইকেলৰে গৈ পুনৰ গুৱাহাটীলৈ ঘুৰি আহিব। যাত্ৰা কালত দলটোৱে প্ৰায় ১০,০০০ কিলোমিটাৰ পথ অতিক্রমী এক বিৰল অভিলেখ গঢ়াৰ চেষ্টা চলাব। দলটোৰ নেতা উজ্জ্বল বৰা আৰু উপ দলনেতাৰ দায়িত্বত আছে ইউটিউবাৰ বিকাশ চেত্ৰী। দলটোৰ আন সদস্যসকলৰ ভিতৰত আছে সমীৰণ শৰ্মা, এছ বি গুৰুং, নয়ন ৰয়, আয়ুব আদি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply