গুৱাহাটী : গুৱাহাটীত দৃষ্টিহীন ছোৱালীক ক্ৰিকেটৰ প্ৰশিক্ষণ। গুৱাহাটীৰ বশিষ্ঠৰ লতাকটাস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দৃষ্টিহীন ছোৱালীৰ ক্ৰিকেটৰ প্ৰশিক্ষণ সম্পন্ন হয়।

বেচৰকাৰী সংস্থা কেয়াৰ ইউ-৩৬৫ৰ উদ্যোগত বিদ্যালয়খনত পঢ়ি থকা অসমৰ বিভিন্ন প্ৰান্তৰ ৮ গৰাকী খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম দৃষ্টিহীন ক্ৰিকেট দল(ল’ৰা)ৰ অধিনায়ক ৰাজদ্বীপ দাকুৱা আৰু সংস্থাৰ প্ৰকল্প সঞ্চালক সুশীল পৌৰেলে খেলুৱৈসকলক দৃষ্টিহীন ক্ৰিকেটৰ প্ৰশিক্ষণ প্ৰদান কৰে।

ভালেসংখ্যক খেলুৱৈৰ মাজৰ পৰা প্ৰশিক্ষণৰ বাবে ৮ গৰাকী খেলুৱৈক বাছনি কৰা হয়। দলটোত আছে বি ৱান শাখাত কামৰূপ মহানগৰ জিলাৰ পিংকি কৰ্মকাৰ আৰু ববিতা দাস, নলবাৰী জিলাৰ পিংকি দাস আৰু কামৰূপ জিলাৰ পপী কলিতা। আনহাতে বি টু শাখাত তিনিচুকীয়াৰ কল্পনা নায়ক, মৰিগাঁৱৰ অনামিকা বৰদলৈ, নলবাৰীৰ নৱনীতা হালৈ আৰু সীমা দাসে প্ৰশিক্ষণত অংশ লয়।

লগতে পঢ়ক : দৰিদ্ৰ পৰিয়ালক আজমল ফাউণ্ডেশ্যনৰ ই-ৰিক্সা প্ৰদান

সংস্থাৰ সভাপতি ভৃগু বৰঠাকুৰে কয় যে অনাগত সময়ত তেওঁলোকে অসমৰ আটাইকেইখন দৃষ্টিহীন বিদ্যালয়তে এনে প্ৰশিক্ষণ অনুষ্ঠিত কৰিব যাতে অতি সোনকালে দৃষ্টিহীন ছোৱালীৰ ক্ৰিকেটৰ অসম দলটো বাছনি কৰিব পৰা যায়। উল্লেখযোগ্য যে দৃষ্টিহীন ক্ৰিকেটৰ ল’ৰাৰ দলটোৱে কিছুদিন পূৰ্বে চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাগেশ ট্ৰফীৰ যোগ্যতা নিৰ্নয়কাৰী খেলত অসমক প্ৰতিনিধিত্ব কৰি দুটাকৈ পদক লাভ কৰিবলৈ সমৰ্থ হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply