বোকাখাত, উত্তম কুমাৰ শৰ্মা: পঞ্জাবৰ পাটিয়ালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মল্লযুঁজ প্ৰশিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালাত বোকাখাতৰ দুজন প্ৰশিক্ষকে অংশগ্ৰহণ কৰে।
পাটিয়ালাস্থিত ভাৰতীয় খেল প্ৰাধীকৰণৰ অন্তৰ্গত নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজ প্ৰশিক্ষকৰ প্ৰশিক্ষণ শিবিৰত দেশৰ বিভিন্ন ঠাইৰ ৪৫ গৰাকী প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছিল।
উক্ত প্ৰশিক্ষণ কৰ্মশালাত অসমৰ ৩জন প্ৰশিক্ষকে অংশগ্ৰহণ কৰে। ইয়াৰে বোকাখাতৰ পৰা অনুষ্টূপ নৰহ আৰু পাপু চাওঁতাল অংশগ্ৰহণ কৰাৰ বিপৰীতে শোণিতপুৰ জিলাৰ পৰা উৎপল দাস ভাগ লয়।
বিগত ১৬ বছৰে বিভিন্ন অভাৱ অভিযোগৰ মাজেৰে বোকাখাতত মল্লযুঁজৰ প্ৰশিক্ষণ প্ৰদান কৰি অহাৰ লগতে কেইবাগৰাকীও খেলুৱৈক ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাবলৈ সক্ষম হোৱা দুই প্ৰশিক্ষকে শেহতীয়াকৈ পঞ্জাবত প্ৰশিক্ষণ গ্ৰহণ কৰা কাৰ্যত উৎফুল্লিত হৈ ক্ৰীড়া অনুৰাগীসকল।
তেওঁলোকে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কৰ্মশালাত লাভ কৰা এই প্ৰশিক্ষণে ন শিকাৰু সকলক পাৰদৰ্শিতা প্ৰদৰ্শনৰ ক্ষেত্ৰত অধিক সহায় কৰিব বুলি বিভিন্নজনে আশা প্ৰকাশ কৰিছে।
যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাবৰ পাটিয়ালাত ৪৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত প্ৰশিক্ষণ শিবিৰৰ বৃহস্পতিবাৰে সামৰণি পৰে।
লগতে পঢ়ক – চাকৰি! ভাৰত চৰকাৰৰ নেশ্যনেল প্ৰডাক্টিভিটি কাউন্সিলত নিযুক্তি সৃষ্টি