বাইহাটা চাৰিআলিঃ পুনৰ প্ৰাণ পায় উঠিব বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগীতাই। পূৰ্বে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামতে সীমাবদ্ধ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগীতাৰ খেল এতিয়াৰ পৰা গ্ৰাম্যাঞ্চলৰ খেলপথাৰত উপভোগ কৰিব পাৰিব ক্ৰীড়া প্ৰেমী দৰ্শকে।
বাইহাটা চাৰিআলিৰ ক্ৰীড়া প্ৰেমী দৰ্শকৰ বাবে সুখবৰ যে ৬৮ সংখ্যক বৰদলৈ ট্ৰফীৰ ৬ খনকৈ খেল অনুষ্ঠিত হ’ব কৰৰা মিনি ষ্টেডিয়ামত। চাৰিটা দলৰ মাজত অনুষ্ঠিত হ’ব এই ৬খন খেল। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰচেষ্টাত আৰু কৰৰা ইউথ এথলেটিক ক্লাবৰ সহযোগীটাত গুৱাহটী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিব এই খেল সমূহ।
অহা ২৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেল সমূহৰ বাবে বিধায়ক দিগন্ত কলিতাই নিজে তদাৰক কৰিছে খেল পথাৰ। কৰৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেল সমূহত অংশগ্ৰহণ কৰিব দিল্লী এফ চি, অসম ৰাইফলচ্ , অসম পুলিচ ব্লু আৰু ডয়মালু ক্লাবে।