গুৱাহাটী – গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত অহা ১১ মার্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত ভাৰত ৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতা৷ বিগত বর্ষত মহামাৰী কভিড–১৯ৰ বাবে অনুষ্ঠিত নোহোৱা প্রতিযোগিতাখন এইবাৰ গুৱাহাটী আৰু মৰিগাঁৱত অনুষ্ঠিত হ’ব৷

গ্রুপ ‘এ’ৰ মেচসমূহ গুৱাহাটীৰ জজ খেলপথাৰত আৰু গ্রুপ ‘বি’ৰ মেচসমূহ মৰিগাঁৱত অনুষ্ঠিত হ’ব৷ গুৱাহাটী ক্রীড়া সন্থাৰ সম্পাদক ধ্রুৱজ্যোতি কলিতাই এক সংবাদ মেলত এই কথা ঘোষণা কৰে৷ তেওঁ জানিবলৈ দিয়া অনুসৰি প্রতিযোগিতাখনৰ ছেমিফাইনেল ১৮ মার্চত আৰু ফাইনেল ২০ মার্চত জজ খেলপথাৰত খেলোৱা হ’ব৷ এখন ছেমিফাইনেল দিনৰ ভাগত আৰু আনখন ছেমিফাইনেল নিশাৰ ভাগত অনুষ্ঠিত হ’ব৷ ফাইনেল মেচখনো নিশাৰ ভাগত অনুষ্ঠিত হ’ব বুলি কলিতাই জানিবলৈ দিয়ে৷

মুঠ ৮ টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ চেম্পিয়ন দলে ১ লাখ টকা আৰু ৰানার্ছআপ দলে ৫০ হাজাৰ টকাৰ প্রাইজমানী লাভ কৰিব৷ গ্রুপ ‘এ’ত থকা দলসমূহ হ’ল এএছইবি, জিটিচি, দৈমালু ক্লাব আৰু ইলেভেন ষ্টাৰ৷ একেদৰে গ্রুপ ‘বি’ৰ দলকেইটা হ’ল অসম পুলিচ ব্লুজ, অইল ইণ্ডিয়া, বডৌচা এফ চি আৰু মৰিগাঁও এফ চি৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply