নিউজ ডেস্কঃ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অসমৰ বক্সাৰ যমুনা বড়োৱে দেওবাৰে কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত ইলোৰ্ডা কাপৰ ফাইনেলত কাজাখস্তানৰ আনেল চাকিশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।যমুনা বড়োয়ে ৫৪ কিলোগ্ৰাম শাখাত ছেমিফাইনেলত ৫-০ ব্যৱধানত জয়লাভ কৰে। যমুনা অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বাসিন্দা ।

যমুনা বড়োৰ উপৰিও আন তিনিজন ভাৰতীয় বক্সাৰ কালাইভানি শ্ৰীনিবাসন (৪৮ কিলোগ্ৰাম), গীতিকা (৪৮ কিলোগ্ৰাম) আৰু আলফিয়া (৮১+ কিলোগ্ৰাম) সোমবাৰে ফাইনেলত অৱতীৰ্ণ হ’ব।

আন ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত দুগৰাকী মহিলা বক্সাৰ সাক্ষী (৫৪ কিগ্ৰা) আৰু ছোনিয়াই (৫৭ কিগ্ৰা) উজবেকিস্তানৰ নিগিনা উকটোভা আৰু চিটোৰা তুৰ্ডিবেকোভাৰ বিৰুদ্ধে ক্ৰমান্বয়ে 0-৫ আৰু ২-৩ ব্যৱধানত পৰাজয়ৰ হয়।

পুৰুষৰ শাখাত কুলদীপ (৪৮ কিলোগ্ৰাম) আৰু জুগনু (৯২ কিলোগ্ৰাম) ক্ৰমে কাজাখস্থানৰ বক্সাৰ আচিলবেক জালিলেভ আৰু আইবেক অৰেলবেৰ হাতত পৰাজিত হয়। আনহাতে শচীনে (৫৭ কিলোগ্ৰাম) কাজাখস্তানৰ ২০২১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী চেৰিক তেমিঝানোভৰ বিৰুদ্ধে খেলি অৱশেষত যুঁজত পৰাজিত হৈছিল।

ইলোৰ্ডা কাপৰ উদ্বোধনী অনুষ্ঠানত ভাৰত, উজবেকিস্তান, কাজাখস্তান, কিউবা, চীন আৰু মঙ্গোলিয়াৰ ৰাষ্ট্ৰৰ শীৰ্ষ বক্সিং খেলুৱৈ সকল উপস্থিত আছিল। ইলোৰ্ডা কাপৰ প্ৰথম পুৰস্কাৰ হ’ব ৭০০ আমেৰিকান ডলাৰ,ৰূপ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলে ক্ৰমান্বয়ে লাভ কৰিব ৪০০ আৰু ২০০ ডলাৰ। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply