নিউজ ডেস্ক: দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে অসম কন্যা লাভলীনা বৰগোহায়ে আজি সংবাদমাধ্যমৰ সৈতে নিজৰ মনৰ ভাব সমূহ প্ৰকাশ কৰে । অলিম্পিকত লাভ কৰা সফলতাক লৈ অসমবাসীয়ে দিয়া মৰম কৃতজ্ঞতাৰে স্মৰণ কৰে বক্সাৰ লাভলীনাই ।
লাভলীনাই কয়,”ভাৰতৰ শিক্ষা ব্যৱস্থাত ক্ৰীড়া বিষয়টো থাকিব লাগে।তেতিয়া সৰুৰে পৰা সকলোৱে ক্ৰীড়া জগতত আগবাঢ়ি যাব পাৰিব।এনে কৰিলে ভাৰতত থকা প্ৰতিভাসমূহ ওলাই আহিব।
আমাৰ দেশৰ খেলুৱৈসকলে বহুত কষ্ট কৰিব পাৰে।খেলক যদি বাধ্যতামূলক কৰি দিয়ে তেনেহ’লে ১০ বছৰতে বহুত বেছি মেডেল পোৱা খেলুৱৈ ওলাব ভাৰতত।অন্য দেশকো চেৰ পেলাব পাৰিব।আমাৰ দেশত খেলক লৈ বহুত সমস্যা আছে।শিক্ষাত খেলক প্ৰাধান্য দিয়া হোৱা নাই।
খেলি খেলিহে শিকে আমাৰ খেলুৱৈসকলে । আমাৰ ইয়াত প্ৰশিক্ষকসকলেও খেলি খেলিহে শিকে।কেৰিয়াৰৰ চিন্তা কৰি অভিভাৱকেও খেলত নিদিয়ে।বিদেশত খেলত স্নাতক কৰাৰো সুবিধা আছে।ফলত বিজ্ঞানসন্মতভাৱে তেওঁলোকে শিকিব পাৰে।”
লাভলীনাই সাংবাদিকৰ আগত কয় যে, “চাকৰিৰ বাবে কেতিয়াও খেলা নাছিলো। মোৰ লক্ষ্য আছিল অলিম্পিক। ডিএছপি চাকৰি মোক ডিউটি কৰিবলৈ দিয়া হোৱা নাই। মই দেশৰ বাবে মেডেল কঢ়িয়াই আনি মোৰ ডিউটি মই কৰি যাম।
অসমৰ নতুন প্ৰজন্মক উদ্দেশ্য কৰি লাভলীনাৰ কয়,পৰাজয় বা ব্যৰ্থতা মানেই নতি স্বীকাৰ নহয়।পৰাজয় হৈছে শিক্ষা আৰু নিজক সুদৃঢ় কৰি নতুনকৈ জীৱন আৰম্ভ কৰা । অলিম্পিকে মোক বহুত শিকালে।প্ৰতিখন খেলেই বহুত বেছি টাফ আছিল।
ছেমিফাইনেল খন বহুত টাফ আছিল।কিন্তু এনে নহয় যে মই তাইক ফাইট কৰিব নোৱাৰিম।মোৰ ফাইট মোৰ নিজৰ লগতহে।ছোৱালীসকলে নিজেই ভাবে যে আমি একো নোৱাৰোঁ, সেইটো এৰিব লাগিব। ছোৱালীসকলে খেলিব বা বহু কাম কৰিব নোৱাৰে বুলি বহুতেই ভাবে, কিন্তু আজিকালি এইবোৰ বহুত সলনি হৈছে।মোৰ লক্ষ্য সোণৰ পদকেই আছিল।
লাভলীনাৰ কয়, ‘‘মই বিচাৰোঁ অসমৰ শিশুসকলৰ সৈতে এটা দিন কটাবলৈ । মই অলিম্পিকত জিকি অহা মেডেলটো প্ৰতিটো শিশুকে এবাৰ চুবলৈ দিব বিচাৰো । প্ৰতিটো শিশুৱে এবাৰ স্পৰ্শ কৰক এই মেডেলটো আৰু সপোন দেখিবলৈ, আকাশ চোৱাৰ অনুশীলন কৰিবলৈ শিকক ।
মই যেতিয়া শিশু আছিলোঁ তেতিয়া মোৰ সপোন আছিল এনে এটা মেডেল এবাৰ নিজ হাতে চুই চোৱাৰ । মই অসম চৰকাৰ আৰু অসম অলিম্পিক সন্থাক অনুৰোধ কৰিছো তেনেকুৱা এক অনুষ্ঠানৰ আয়োজন কৰি দিয়ক’’ ।
“দেশলৈ এটা পদক আনিলোঁ তাত মই সুখী।তথাপি সোণ জয় কৰিব নোৱাৰি আক্ষেপ থাকিল।কিন্তু পদক জয় কৰাৰ পিছতো মই একেই আছোঁ, সলনি হোৱা নাই।”
লগতে পঢ়ক গড়ৰ খড়্গৰ চোৰাং বেপাৰৰ সৈতে জড়িত বন বিভাগৰ কৰ্মচাৰী; দুজনক গ্ৰেপ্তাৰ