অলিম্পিক ক্ৰীড়াত ইতিহাস ৰচনা কৰি অসমকন্যা লাভলীনা বৰগোঁহায়ে বক্সিঙত ছেমিফাইনেলত উপনীত হৈছে | চীনা টাইপেৰ চিয়েন চিন চেনৰ বিপক্ষে ৪-১ পইন্টত পৰাস্ত কৰি অলিম্পিকত পদক নিশ্চিত কৰিছে |
দুবাৰকৈ পূৰ্বতে পৰাস্ত হোৱা লাভলীনাই চাইনীজ টাইপেৰ খেলুৱৈ গৰাকীক আৰম্ভনীৰে পৰা আক্ৰমন কৰি জয়ী হয় | তিনিওটা ৰাউন্ডত বিপক্ষৰ ওপৰত লাভলীনাৰ আক্ৰমন অব্যাহত থাকে |
ছেমিফাইনেলত লাভলীনাই তুৰস্কৰ বুছেনাছ চাৰ্মেনেলীৰ বিপক্ষে প্ৰতিদ্বন্দিতাত নামিব | ৪ আগষ্টত পুৱা ১১ বজাত নামিব |
অসমকন্যা বক্সাৰ লাভলীনাই টকিঅ’ অলিম্পিকৰ মহিলাৰ ৬৯ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ নিয়েন চিন চেনক পৰাস্ত কৰাৰ লগে লগেই তেওঁ বক্সিঙত পদক জয় কৰা দেশৰ দ্বিতীয় গৰাকী মহিলা বক্সাৰ হৈ পৰিছে। লাভলীনাৰ পূৰ্বে মেৰী কমে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল।
লগতে পঢ়ক নিয়োগ বাৰ্তা : জলসম্পদ বিভাগৰ ১০০ টা পদত নিযুক্তি মুকলি