নিউজ ডেস্ক: জৰ্ডানৰ আম্মানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত বৰ্ঞ্জৰ পদক নিশ্চিত কৰিলে অসমৰ লাভলিনা বৰগোহাঁইয়ে। শনিবাৰে লাভলিনাই ৭৫ কিলোগ্ৰাম শাখাত কাজাখস্তানৰ ভেলেণ্টিনা খালজোভা (Valentina Khalzova)-ৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।
শনিবাৰে নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই এখন তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ খেলত খালজোভাৰ বিৰুদ্ধে ৩-২ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে অসমৰ ২৫ বছৰীয়া বক্সাৰগৰাকীয়ে টকিঅ’ অলিম্পিকত ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
আনহাতে চলিত প্ৰতিযোগিতাখনত অসমৰ অংকুশিতা বড়ো(২২)-এ ৫৫ কিলোগ্ৰাম শাখাত জাপানৰ চুবাটা আৰ্চিয়া (Tsubata Arsia)-ক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।
অৱশ্যে, ৭০ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হোৱা এইটো ভাৰতৰ পূজা প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব লগীয়া হৈছে। তেওঁ নিজৰ অন্তিমখন খেলত কাজাখস্তানৰ দাৰিগা শ্বাকিমোভা (Dariga Shakimova)-ৰ হাতত ০-৫ ব্যৱধানত পৰাস্ত হয়।
ইয়াৰ পূৰ্বে শনিবাৰে নবাগত বক্সাৰ মিনাক্ষী (৫২ কিলোগ্ৰাম), প্ৰীতি (৫৭ কিলোগ্ৰাম) আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী পাৰবীনে ছেমিফাইনেলত স্থান নিশ্চিত কৰে।
লগতে পঢ়ক – ঘোষণা হ’ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল