লাভলীনা বনাম বুছেনাজ চুৰমেনেলি

টকিঅ’ অলিম্পিকত কাইলৈ লাভলীনাৰ মেছ । ছেমিফাইনেল পৰ্যায়ৰ মেছ যি কোনো ফলাফল আহিব পাৰে । প্ৰতিপক্ষৰ কঠিন প্ৰত্যাহ্বান নেওচি লাভলীনাই স্বৰ্ণ পদকৰ যুঁজলৈ আগবাঢ়িব পাৰিবনে এই সময়ত এটা ডাঙৰ প্ৰশ্ন । কিমান কঠিন হ’ব লাভলীনাৰ বাবে ছেমিফাইনেলৰ যুজঁ ।

কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ কঠিন প্ৰত্যাহ্বান নেওচি অসম কন্যা লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰি এক স্বৰ্ণিল ইতিহাস ৰচিবলৈ সক্ষম হয়। চাইনীজ প্ৰতিপক্ষ নিয়েন চিন চেনক ৪-১ ব্যৱধানত পৰাস্ত কৰি আচম্বিত কৰি তোলে গোলাঘাটৰ জীয়ৰী লাভলীনাই। ইয়াৰ আগেয়ে চাইনীজ প্ৰতিদ্বন্দীগৰাকীৰ হাতত ২০১৯ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫-০ ব্যৱধানত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছিল । কিন্তু টকিঅ’ অলিম্পিকত কাহিনী আছিল সুকীয়া। আন্দাৰদডগ লাভলীনাৰ হাতত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰিছিল চেনে।

তুৰ্কীৰ বুছেনাজ এই মুহূৰ্তত বিশ্বৰ দ্বিতীয় ৰেংকিঙৰ খেলুৱৈ। ইতিমধ্যে ২০১৯ ৰ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত খিতাপ দখল কৰি বুছেনাজে প্ৰমাণ কৰি থৈছে বক্সিং ৰিঙত নিজৰ প্ৰতিপত্তি। দুবাৰকৈ ইউৰীপিয়ান চেম্পিয়নশ্বিপৰ মেডেলিষ্ট বুছেনাজে টকিঅ’ অলিম্পিকতো আগবঢ়াইছে দুৰ্দান্ত প্ৰদৰ্শন। ছেমিফাইনেলত প্ৰৱেশৰ বাটত বুছেনাজে পোলেণ্ডৰ প্ৰতিপক্ষ কেৰ’লিনা কছজেৱ’স্কাক অতি সহজেই ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলতো ইউক্ৰেনিয়ানৰ প্ৰতিপক্ষৰ বিৰুদ্ধে আন এক সহজ জয়েৰে ছেমিত প্ৰৱেশ কৰিছে ।

বুছেনাজে লাভলীনাৰ সমুখত যে বৃহৎ প্ৰত্যাহ্বান দাঙি ধৰিব সি নিশ্চিত।

আনহাতে প্ৰিকোৱাৰ্টাৰত যথেষ্ট ৰক্ষণাত্মক খেল প্ৰদৰ্শন কৰা লাভলীনাক সিদিনা দেখা পোৱা গৈছিল আন এক ৰূপত। লাভলীনাৰ এই প্ৰদৰ্শনৰ পিছতেই এতিয়া সমগ্ৰ দেশবাসীৰ বাবে আশাৰ এক নাম হৈ পৰিছে লাভলীনা। সকলোৱে আশা ছেমিফাইনেলত তুৰ্কীৰ প্ৰতিপক্ষ বুছেনাজক পৰাস্ত কৰি লাভলীনাই সৃষ্টি কৰক আন এক ইতিহাস।

লগতে পঢ়ক চান মাৰিনো – ছয় দশকৰ অপেক্ষাৰ অন্তত অলিম্পিকত পদক অৰ্জন কৰা আটাইতকৈ সৰু দেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply