চাবুৱাঃ চাবুৱা বয়জ জ’ন ক্ৰিকেট দলে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচখনত চাবুৱা বয়জ জ’ন ক্ৰিকেট দলে প্লাবন একাদশ ক্ৰিকেট দলক সাত ৰাণত পৰাস্ত কৰে। টছত জয়লাভ কৰি প্লাবন একাদশে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰা চাবুৱা বয়জ জ’ন ক্ৰিকেট দলে নিৰ্ধাৰিত ১০ অভাৰত আঠটা উইকেটৰ বিনিময়ত ৯৭ ৰাণ সংগ্ৰহ কৰে।চাবুৱা বয়জ জ’ন ক্ৰিকেট দলৰ হৈ মিঠুন ৰয়ে ২৩ আৰু অধিনায়ক ৰক্তিম গগৈয়ে ২০ ৰাণ সংগ্ৰহ কৰে। প্লাবন একাদশৰ তুষাৰ চবৰে তিনিটা আৰু ত্ৰৈলোক্য দত্তই এটা উইকেট দখল কৰে।


প্ৰত্যুত্তৰত প্লাবন একাদশে নিৰ্ধাৰিত ১০ অভাৰত আঠটা উইকেটৰ বিনিময়ত ৯০ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্লাবন একাদশৰ হৈ পল্লব চবৰ আৰু তুষাৰ চবৰে ক্ৰমে ২৯ আৰু ১৩ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অন্য বেটছমেন সকলে উল্লেখনীয় অৱদান আগবঢ়োৱাত ব্যৰ্থ হয়। চাবুৱা বয়জ জ’ন ক্ৰিকেট দলৰ তৌচিফ আলি আৰু সিদ্বান্ত ৰয়ে ৩টাকৈ উইকেট দখল কৰে। চাবুৱা বয়জ জ’ন ক্ৰিকেট দলৰ তৌচিফ আলিয়ে ফাইনেলৰ মেন অৱ দ্য মেচ আৰু প্লাবন একাদশৰ ত্ৰৈলোক্য দত্তই মেন অৱ দ্য ছিৰিজৰ সন্মান অৰ্জন কৰে।

লগতে পঢ়কঃৰাজ্যসভাৰ দুখন আসনকলৈ শাসকীয় আৰু বিৰোধী দল তৎপৰ
মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ বিজয়ী দলক সাবিত্ৰী হাজৰিকা সোঁৱৰণী চলন্ত ট্ৰফী আৰু নগদ ধন আৰু বিজিত দলক ভূৱন চদ্ৰ সেনাপতি সোঁৱৰণী ট্ৰফী আৰু নগদ ধন প্ৰদান কৰা হয়। মেন অৱ দ্য ছিৰিজৰ বঁটা প্ৰদান কৰে শিক্ষক-প্ৰশিক্ষাৰ্থী ভীমবৰ পাটিৰিয়ে।
বঁটা বিতৰণী অনুষ্ঠানত প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্য, প্ৰবক্তা ভূপেন কুমাৰ দাস, মৃদুস্মিতা ফুকন, ৰঞ্জন বৰা আৰু স্বৰাজ ফুকন উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply