সোণাৰি: চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ২০১৩ বৰ্ষতে প্ৰতিষ্ঠা লাভ কৰা চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰতিষ্ঠা কালৰেপৰা গৌৰৱ কঢ়িয়াই আনিছে চৰাইদেউ জিলাখনলৈ। শেহতীয়াকৈ দুটা বৰ্ষত ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ দলৰো খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাই।

আনহাতে এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈয়ে ২০২৪ চনত অনুষ্ঠিত হবলগীয়া অলিম্পিকৰ বাবে প্ৰাৰম্ভিক বাচনিত উত্তীৰ্ণ হৈয়ে সিদ্ধান্ত গগৈয়ে সেনাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সমান্তৰালকৈ সুদিত্য বৰুৱাই ভাৰতীয় দলত এন আই এছ পাটিয়ালাত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

ইফালে অতি শেহতীয়াকৈ প্ৰথম বাৰৰ বাবে একে বৰ্ষতে সেনাৰ বয়জ স্পৰ্টছ কোম্পানীৰ বাবে চৰাইদেউ জিলাৰ ঘনশ্যাম গগৈ, অভিনৱ গগৈ, ঋষভ শইকীয়া, বনদ্বীপ বৰগোঁহাই নিৰ্বাচিত হৈছে। এই সকল খেলুৱৈক উৎসাহিত কৰাৰ উদ্দেশ্যে আজি এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ কাৰ্যকৰী সভাপতি টংকেশ্বৰ কোঁৱৰৰ সভাপতিত্বত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষত সেনাৰ বয়জ স্পৰ্টছ কোম্পানী বাছনি শিবিৰত নিৰ্বাচিত চাৰিগৰাকী খেলুৱৈৰ লগতে চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰশিক্ষাৰ্থীসকলকো সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত চৰাইদেউ জিলাৰ ক্ৰীড়া বিষয়া প্ৰাঞ্জল প্ৰতীম কোঁৱৰ, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈ, সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে, অৱসৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বম্বেশ্বৰ বৰুৱা, চৰাইদেউ জিলা বডি বিল্ডিং এছ’ছিয়েছনৰ সভাপতি দ্বীপেন কোঁৱৰ, সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্ত, সাংস্কৃতিক কৰ্মী ডিম্বেশ্বৰ কোঁৱৰ, চৰাইদেউ প্ৰেছ গীল্ডৰ সম্পাদক অৰূপজ্যোতি দিহিঙীয়া, সাংবাদিক তথা ক্ৰীড়া সংগঠক কপিল চেতিয়া, স্বপন কৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

লগতে পঢ়ক- ৰাধা-কৃষ্ণ এইবাৰ দুটা ড’জ লৈহে ৰাসলৈ আহিব

সাংবাদিক কেশৱ গগৈয়ে আঁতধৰা অনুষ্ঠানতে ভাৰোত্তোলন সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে এটা গৃহ নিৰ্মাণ কৰি দিয়া হব বুলি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়া অনুপ কোঁৱৰৰ তত্বাৱধানত এই প্ৰশিক্ষণ কেন্দ্ৰটোত উপযুক্ত আন্তঃগাঁথনি অবিহনে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে খেলুৱৈ সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply