নিউজ ডেস্ক: এইবাৰ প্ৰশিক্ষণ লৈ থকা শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল এজন এথলেটিকছ প্ৰশিক্ষক । প্ৰশিক্ষক গৰাকী হ’ল ৫৯ বছৰীয়া পি নাগৰাজন ।
যৌন নিৰ্যাতনৰ অভিযোগৰ তিনিমাহ পাছত এথলেটিকছ প্ৰশিক্ষক পি নাগৰাজনৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰে। প্ৰশিক্ষণ গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱা প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিটো দাখিল কৰে।

কেৰেলাৰ ফ্লাৱাৰ বাজাৰ আৰক্ষীয়ে প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে ২৫০ পৃষ্টাজোৰা চাৰ্জশ্বিট দাখিল কৰে। চলিত বৰ্ষৰ ৩০ মে’ত প্ৰশিক্ষক নাগৰাজনক ফ্লাৱাৰৰ বাজাৰৰ অ’ল ৱমেন মহিলা আৰক্ষীয়ে পস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

এগৰাকী ১৯ বছৰীয়া যুৱতীক প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষক গৰাকীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

লগতে পঢ়ক অসমত আকৌ লাভ জেহাদৰ ঘটনা, যুবকক গ্ৰেপ্তাৰ

আৰক্ষী থানাত প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে প্ৰশিক্ষক গৰাকীয়ে শ্লিপিং টেবলেট সেৱন কৰাত ৰয়াপীঠা চৰকাৰী হস্পিটালত ভৰ্তি কৰোৱা হয়।
হস্পিটালৰ পৰা সুস্থ হৈ মুকলি হোৱাৰ পাছতে প্ৰশিক্ষক নাগৰাজনক আৰক্ষীয়ে আদালতৰ সন্মুখত হাজিৰ কৰোৱায়।
প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে ২০১৩-২০ সময়ত প্ৰশিক্ষণ লৈ থকা শিক্ষাৰ্থীয়েও যৌন নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক কণমানি আলিয়া তাঁতীৰ হত্যাকাণ্ডৰ দুই অপৰাধীক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply