ৰাষ্ট্ৰীয় চাইক্লিঙ
ৰাষ্ট্ৰীয় চাইক্লিঙত চয়নিকা গগৈৰ নতুন অভিলেখ

নিউজ ডেস্ক: ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চাইক্লিষ্টৰ নতুন ৰাষ্ট্ৰীয় অভিলেখ। অসম কন্যা চয়নিকা গগৈয়ে সৃষ্টি কৰে নতুন অভিলেখ। দুটা সোণসহ মুঠ  ৫টা পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকা গগৈয়ে। হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ত ২৭ৰ পৰা ৩১ মাৰ্চলৈকে অনুষ্ঠিত হোৱা ৭২ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় চাইক্লিঙ চেম্পিয়নশ্বিপত অসমৰ চয়নিকা গগৈয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাখনত অসমৰ মহিলা দলটোৱে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ ৫টা পদক অৰ্জন কৰে । চয়নিকাই ২  কিলোমিটাৰ ব্যক্তিগত পাৰচুইট শাখাত ২:৪৩.১৩২ ছেকেণ্ড সময় লৈ সোণৰ পদক জয় কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখৰো গৰাকী হয়।
একেটা শাখাত ২:৪৮.২৩৫ ছেকেণ্ড সময়েৰে অসমৰ গংগোত্ৰী বৰদলৈয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। গংগোত্ৰীয়ে ১০ কিলোমিটাৰ প‌ইণ্ট ৰেচত ৪২ প‌ইণ্টেৰে সোণৰ পদক জয় কৰে।

চয়নিকাই ৬ কিলোমিটাৰ ষ্ট্ৰেইটচ ৰেচত লাভ কৰে ৰূপৰ পদক। ইফালে অনুষ্ঠিত টীম পাৰচূইট শাখাৰ ফাইনেলত  শক্তিশালী ৰে’লৱেৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইই অসমৰ দলটোৱে ৰূপৰ পদক জয় কৰে। দলীয় শাখাত ভাগ লোৱা অসমৰ খেলুৱৈসকল হ’ল, চয়নিকা গগৈ, গংগোত্ৰী বৰদলৈ, জয়শ্ৰী গগৈ আৰু  বৃষ্টি কংকনা গগৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply