গুৱাহাটী : অসম ক্রিকেট সন্থাৰ দ্বাৰা আয়ােজিত তৃতীয় অসম প্রিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ চুড়ান্ত খেলৰ বিজয়ী দলক বঁটা প্ৰদান কৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে। ডিব্ৰুগড়ৰ জালানগৰ আউটড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলত এই প্রতিযােগিতাৰ বিজয়ী দল বাড় ক্রিকেট ক্লাবক বটা প্রদান কৰে মুখ্যমন্ত্ৰীয়ে।

এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে নতুন প্ৰজন্মৰ খেলুৱৈসকলক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰখনক বিকশাই তােলাৰ বাবে আহ্বান জানায়। ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন জিলাত যি প্রাইজমানী ক্রিকেট প্রতিযােগিতা অনুষ্ঠিত হৈছে, ইয়ে অসমৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিছে। প্ৰতিটো ক্লাবে এই প্রতিযােগিতাৰ যােগেদি আর্থিকভাৱে লাভান্বিত হৈছে।

নিশ্চিতভাৱে এনেধৰণৰ প্রতিযােগিতাক আগুৱাই নিবলৈ হ’লে আর্থিক প্রয়ােজনীয়তাৰ বিষয়টো গভীৰভাৱে উপলব্ধি কৰা উচিত। এই উপলব্ধিৰে অসম ক্রিকেট সন্থাই প্রতিযােগিতা সম্প্রসাৰিত কৰি আহিছে। বিভিন্ন ঠাইত এই প্রতিযােগিতা অনুষ্ঠিত কৰা হৈছে। ই এক মহৎ পদক্ষেপ। ভবিষ্যতে অসমৰ গাঁৱে-ভূএঃ, চহৰেনগৰে, চাহ বাগিচা, চৰ-চাপৰিকে ধৰি সকলাে ঠাইতে আমাৰ যিসকল প্রতিভাবান খেলুৱৈ আছে তেওঁলােকে আগুৱাই অহাৰ বাবে সুবর্ণ সুযােগ লাভ কৰিছে।

ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম ক্রিকেট সন্থাক ধন্যবাদ জ্ঞাপন কৰে। এনেধৰণে উঠি অহা প্ৰজন্মক উদগণি যােগাব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে ক্রিকেট খেলে আজি বিশ্ব মানবক প্রভাবিত কৰিছে। অসমৰ বহু প্রতিভা সম্পন্ন যুৱক-যুৱতী আছে। যিসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ সম্ভাৱনা আছে তেওঁলােকক সুযােগ প্রদান কৰিব লাগিব। এই সুযােগ দিয়াৰ কাম অসম ক্রিকেট সন্থাই কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply