টকিঅ’ অলিম্পিকত প্ৰথমটো স্বৰ্ণ জয় কৰিলে চীনে।
মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত এই পদক লাভ কৰিছে চীনৰ প্ৰতিযোগীয়ে।
চীনৰ য়াং কিয়ানে লাভ কৰিছে টকিঅ’ অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ পদক।
ৰাছিয়াৰ এনাষ্টিচিয়া গেলেচিনাক পৰাস্ত কৰি য়াং কিয়ানে লাভ কৰিছে এই পদক।
আনহাতে ৰাছিয়াৰ এনাষ্টিতিয়া গেলেচিনাই ৰূপ আৰু ছুইজাৰলেণ্ডৰ নিনা ক্ৰিষ্টিনে লাভ কৰিছে ব্ৰঞ্জৰ পদক।
অ’ছাকা ছাইটামা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাত য়াং কিয়ানে জয়ী হৈ এই সন্মান লাভ কৰে।
প্ৰতিযোগিতাৰ নিয়ম অনুসৰি মেডেল সমূহ নিজেই পিন্ধা দেখা যায় ।