সদ্যসমাপ্ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা বক্সাৰ শিৱ থাপালৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে তিনি লাখ টকাৰ আৰ্থিক অনুদান ।
শুকুৰবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে অসম গৌৰৱ বক্সাৰ গৰাকীয়ে । এই সাক্ষাৎকালতে মুখ্যমন্ত্ৰীয়ে বক্সাৰ গৰাকীৰ হাতত তুলি দিয়ে তিনি লাখ টকাৰ চেক । উল্লেখযোগ্য যে, ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি বক্সাৰ শিৱ থাপালৈ আগবঢ়োৱা হৈছে এই অনুদান ।
মুখ্যমন্ত্ৰীয়ে অসমৰ গৌৰৱ, প্ৰসিদ্ধ বক্সাৰ শিৱ থাপাক সাক্ষাৎ কৰি এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তেওঁ অৰ্জন কৰা সফলতাৰ বাবে অভিনন্দন জনাই
অসম চৰকাৰে ভৱিষ্যতেও বক্সাৰগৰাকীৰ প্ৰতি সকলো ক্ষেত্ৰতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰে।এই সাক্ষাতৰ সময়ত ক্ৰীড়ামন্ত্ৰী বিমল বৰাও উপস্থিত থাকে।
লগতে পঢ়ক নাগালেণ্ডৰ এটি তিনিবছৰীয়া শিশুৱে দৃষ্টি কাঢ়িছে বিশ্বৰ