ভাৰোত্তোলক ৰাখী হালদাৰ

নিউজ ডেস্ক: ভাৰতীয় এথলীটৰ বিৰুদ্ধে আকৌ উঠিছে ড’পিং কেলেংকাৰীৰ অভিযোগ ।কমনৱেলথ চেম্পিয়নশ্বিপৰ মহিলাৰ ৬৪ কেজি শাখাত সোণৰপদক বিজয়ী ৰাখী হালদাৰৰ বিৰুদ্ধে উঠিছে ড’পিং কেলেংকাৰীৰ অভিযোগ ।

আৰু পঢ়কঃবিহালীত অসম গোর্খা সন্মিলনৰ নৱম ত্রিবার্ষিক অধিৱেশন

খেলুৱৈ গৰাকী ড’পিঙত থকাৰ প্ৰমান পোৱাৰ বাবে অহা সপ্তাহত হ’বলগীয়া এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ পৰা বাদ দিয়া হৈছে । এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ অলিম্পিকৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা হিচাপে বিবেচিত হৈছে ।
ৰাষ্ট্ৰীয় ড’পিং নিবাৰক এজেঞ্চীয়ে ৰাখী হালডাৰৰ টেষ্ট লৈছিল, সেই টেষ্টৰ ফলাফলৰ ভিত্তিতেই এই সিদ্ধান্ত লয় । আনহাতে কাবাডী খেলুৱৈ অজয় ঠাকুৰকো ৰাষ্ট্ৰীয় ড’পিং নিবাৰক এজেঞ্চীয়ে টেষ্ট কৰাৰ পিছত পজিটিভ অহাত নিলম্বিত কৰে । ইয়াৰ পূৰ্বে মল্লযুজাৰু অংকিত ছোকাৰ, আৰ মাধৱন, ভাৰউত্তোলক অংকিত ছিচ’দিয়া, বস্কাৰ ৰুচিকা চৌধুৰীক নিলম্বিত কৰিছে ড’পিঙত ধৰা পৰাৰ বাবে ।

আৰু পঢ়কঃবঙাইগাঁৱত বৃহৎপৰিমাণৰ গাঞ্জা জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply