ক’পা আমেৰিকা চেম্পিয়নশ্বিপত ব্ৰাজিলক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে আর্জেণ্টিনাই | ব্ৰাজিলৰ মাটিতে ৰিঅ’ ডি জেনেৰিঅ’ৰ মাৰকানা ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত এঞ্জেল ডি মাৰিয়াই দিয়া একমাত্ৰ গ’লৰ সহায়ত চেম্পিয়ন হয় আৰ্জেণ্টিনাই। ২৮ বছৰ পিছত এই ট্ৰফী জিকিবলৈ সক্ষম হয় আৰ্জেণ্টিনা। দলটোৱে ইয়াৰ পূৰ্বে ১৯৯৩ চনত এই ট্ৰফী জিকিছিল।

তাৰকা ষ্ট্ৰাইকাৰ লিয়’নেল মেছীৰ নেতৃত্বত আৰ্জেণ্টিনা দলে ২০১৫ আৰু ২০১৬ চনতো ফাইনেলত উপনীত হৈছিল যদিও দুয়োবাৰেই জয়ৰ মুখ দেখা নাছিল। এইবাৰ এঞ্জেল ডি মাৰিয়াই মেছীৰ সপোন পূৰণ কৰিলে। মেছীৰ নেতৃত্বত আৰ্জেন্টিনাৰ এয়া প্ৰথমখন উল্লেখযোগ্য টুৰ্ণামেণ্ট জয়লাভ ।

আৰ্জেন্টিনা

ফাইনেলত ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গ’ল। মেচৰ ২২ মিনিটত মাৰিয়াই আৰ্জেণ্টিনাৰ হৈ একমাত্ৰ গ’লটো দিয়ে। ইয়াৰ পিছতে ব্ৰাজিলে বহু চেষ্টা চলাই মেচৰ ৬০ শতাংশ সময় বল নিজৰ ফালে ৰাখিছিল যদিও গল কৰাত ব্যৰ্থ হয়।

মেছীৰ অধিনায়কত্বত আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ২০১৪ৰ ফাইনেলত উপনীত হৈছিল, কিন্তু জাৰ্মানীৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। ইয়াৰ পিছত ক’পা আমেৰিকাত ধাৰাবাহিকভাৱে দুবাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত মেছীয়ে ২০১৬ত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অবসৰ লোৱাৰ ঘোষণা কৰিছিল। পিছত মেছীয়ে সিদ্ধান্ত সলনি কৰি পুনৰ দললৈ উভতি আহিছিল। অবশেষত মেছীৰ নেতৃত্বত আৰ্জেণ্টিনাই প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক গুৱাহাটীত শ্বুটিঙত ব্যস্ত বলীউড অভিনেত্ৰী ছাৰা আলি খান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply