গুৱাহাটী : কেয়াৰ ইউ ৩৬৫ আৰু কুদৰট নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আজি গুৱাহাটীৰ ফৰেষ্ট গেটত থকা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলপথাৰত মাণ্ডলিক দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয় । মুঠ চাৰিটা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

দলকেইটা হ’ল নামনি অসম ক্ৰিকেট ক্লাব, ব্ৰাইট লিজেণ্ড, ইউ বি এফ ক্লাব আৰু মিক্স ইলেভেন । প্ৰথমখন খেলত নামনি অসম ক্ৰিকেট ক্লাবে টচত জিকি প্ৰথমে বেটিং কৰি ছয় অভাৰত ইউ বি এফ ক্লাবক জয়ৰ বাবে ১১৭ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে ।

দলটোৰ হৈ মঞ্জিত চৌধুৰীয়ে ৭০ ৰাণ কৰি অপৰাজিত হৈ ৰয় । দলটোৱে ৬৪ ৰাণত বিজয় সাব্যস্ত কৰে । দ্বিতীয়খন খেলত ইউ বি এফ ক্লাবে টচত জিকি ব্ৰাইট লিজেণ্ডক জয়ৰ বাবে ৬৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । দলটোৰ জিতুল দত্তই ৪৯ ৰাণ কৰে । আনহাতে ইউ বি এফৰ দেবেন অধিকাৰীয়ে ৫২ ৰাণ কৰি অপৰাজিত হৈ ৰয় ।

খেলখনত ব্ৰাইট লিজেণ্ড দলে ৫ উইকেটত জয়লাভ কৰে । তৃতীয় তথা ফাইনেল খেলখন নামনি অসম ক্ৰিকেট ক্লাব আৰু ব্ৰাইট লিজেণ্ডৰ মাজত অনুষ্ঠিত হয় । টচত জিকি নামনি অসম ক্ৰিকেট ক্লাবে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । ব্ৰাইট লিজেণ্ড দলে প্ৰথমে বেটিং কৰি হোমেন বুঢ়াগোহাঁইৰ ৬৫ ৰাণৰ বৰঙণিৰে ১১৩ ৰাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিয়ে ।

ব্ৰাইট লিজেণ্ড দলে ২০ ৰাণত ফাইনেল খেলখনত জয়লাভ কৰে । ইউ বি এফ ক্লাব আৰু মিক্স ইলেভেনৰ মাজত এখন সৌহাদ্যমূলক খেলো অনুষ্ঠিত হয় । উল্লেখযোগ্য যে মিক্স ইলেভেন দলটো ছোৱালী খেলুৱৈৰ দ্বাৰা গঠিত ।

খেলৰ শেষত কুদৰটৰ তৰফৰ পৰা খেলুৱৈসকলক ক্ৰিকেট কিট প্ৰদান কৰা হয় । খেলসমূহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি সম্পাদক মানস প্ৰতিম শৰ্মা, আকাশবাণীত কৰ্মৰত জিতেন্দ্ৰ কলিতা আৰু কেয়াৰ ইউ ৩৬৫ ৰ ৰঞ্জন গোস্বামীয়ে আম্পায়াৰ হিচাপে অংশ লয়

লগতে পঢ়ক– বিজেপিৰ মাজুলীক লৈ মতপাৰ্থক্য, দিল্লীলৈ পঠালে তিনিটা নাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply