নিউজ ডেস্ক : ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে এক শোকবাহ খবৰ। প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈৰ নিধন। ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্যৰ নিধন। ৬৬ বছৰ বয়সত প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ য়াছপাল শৰ্মাৰ নিধন।
মঙলবাৰে পুৱাৰ ভাগত হৃদয়ক্ৰিয়া বন্ধ হোৱাৰ ফলত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ গৰাকীয়ে। য়াছপাল শৰ্মাই ১৯৭৯ চনত লৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে নিজৰ প্ৰথমখন টেষ্ট মেচ খেলিছিল। খেলুৱৈ গৰাকীয়ে নিজৰ অন্তিমখন টেষ্ট খেলিছিল ১৯৮৩ চনত।
য়াছপাল শৰ্মাৰ এদিনীয়া ক্ৰিকেটৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৭৮ চনত আৰু ১৯৮৫ চনত তেওঁ নিজৰ অন্তিমখন এদিনীয়া ক্ৰিকেট মেচ খেলিছিল। কপিল দেৱৰ নেতৃত্বত ১৯৮৩ চনত বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ গুৰুত্বপূৰ্ণ সদস্য আছিল য়াছপাল শৰ্মা।
লগতে পঢ়ক : চাকৰি! ৩৬৩ টা অধ্যক্ষকৰ পদত নিযুক্তিৰ UPSC-ৰ আৱেদন আহ্বান
১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপত ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে ভাৰতীয় দলৰ প্ৰথমখন মেচত য়াছপাল শৰ্মাই ৮৯ ৰান সংগ্ৰহ কৰিছিল। য়াছপাল শৰ্মাৰ ৮৯ ৰানৰ বাবেই ভাৰতে ৱেষ্ট ইণ্ডিছক নিজৰ প্ৰথমখন মেচ পৰাস্ত কৰিছিল। ১৯৮৩ চনৰ চেমি ফাইনেল মেচত য়াছপাল শৰ্মাই ৬১ ৰান সংগ্ৰহ কৰাৰ ফলত ভাৰতে ইংলেণ্ডত পৰাস্ত কৰিছিল।