নিউজ ডেস্কঃ ক্ৰমাত এতিয়া সুস্থ হৈ উঠিছে ক্ৰিকেটাৰ ঋষভ পণ্ট। পণ্টে শুক্ৰবাৰে নিজেই ফেচবুক যোগে পোষ্ট কৰি এই খবৰ অনুৰাগীসকলক জনাই।
ক্ৰাচ্চৰ লৈ খোজকাঢ়ি থকা অৱস্থাত ফেচবুক পোষ্ট যোগে দুখন ফটো শ্বেয়াৰ কৰা দেখা গ’ল ক্ৰিকেটাৰ গৰাকীক। তাৰপিছত এনেদৰে লিখে যে, “One step forward, One step stronger, One step better”।
পণ্ট যদিও বৰ্তমান লাহে লাহে সুস্থ হৈ উঠিছে তথাপিও খেলপথাৰত কেতিয়ালৈ নামিব সেইয়া এতিয়াও নিশ্চিত হোৱা নাই। পণ্টৰ অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকৰ দলে জনাইছিল যে, খেলপখাৰত নামিবলৈ ৯-১০ মাহৰ সময় লাগিব পাৰে। যাৰ বাবে ক্ৰিকেটাৰ গৰাকীয়ে ২০২৩ আইপিএল মিছ কৰাৰ লগতে ২০২৩ ৰ এছিয়া কাপ আৰু এদিনীয়া ক্ৰিকেট বিশ্বকাপটো ভাগ ল’ব পাৰিব নে নাই তাৰ এতিয়া লৈকে সুনিশ্চিত হোৱা নাই।
উল্লেখ্যযোগ্য যে, বিগত বৰ্ষৰ ৩০ ডিচেম্বৰ তাৰিখে নতুন বছৰত মাতৃক ছাৰপ্ৰাইজ দিব বাবে দিল্লীৰ পৰা ডেৰাডুনলৈ নিজেই গাড়ী চলাই গৈ থাকোঁতে মাজবাটতে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ক্ৰিকেটাৰ ঋষভ পন্টে। কথমপিহে ক্ৰিকেটাৰ গৰাকী জীৱন ৰক্ষা পৰে।
লগতে পঢ়ক – গুণোৎসৱত এ+ পোৱা স্কুল শিক্ষকৰ নিয়মীয়াকৰণ হ’ল চাকৰি