পেলেৰ অভিলেখ ভংগ কৰিলে ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে

নিউজ ডেস্ক: পর্তুগালৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে ইটালীয়ান লীগ ছিৰি এত কাগলিয়াৰিৰ বিপক্ষে হেটট্রিক অর্জন কৰে জুভেণ্টাছৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ এই গ’লৰ জৰিয়তে কিংবদন্তি ফুটবলাৰ ব্রাজিলৰ পেলেৰ সর্বাধিক গ’লৰ অভিলেখটো ভংগ কৰে৷ এই গ’লৰ দ্বাৰা ৰ’নাল্ডোৱে এতিয়ালৈকে ৭৭০টা গ’ল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে কিংবদন্তি পেলেই ৭৬৭টা স্ক’ৰ কৰিবলৈ সক্ষম হৈছিল৷

পেলেৰ অভিলেখটো ভংগ কৰি ৰ’নাল্ডোৱে কয় যে পেলেতকৈ কোনো ডাঙৰ খেলুৱৈ নাই৷ তেওঁৰ অভিলেখ ভংগ কৰাটো এক সন্মানৰ কথা৷ ইপিনে, ৰ’নাল্ডোৱে তেওঁৰ অভিলেখটো ভংগ কৰাৰ লগে লগে পেলেই পর্তুগালৰ খেলুৱৈগৰাকীক অভিনন্দন জনায়৷ যোৱানিশা কাগলিয়াৰিত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত জুভেণ্টাছে ৰ’নাল্ডোৰ হেটট্রিকৰ সহায়ত ঘৰুৱা দল কাগলিয়াৰিক ৩–১ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷ ১০, ২৫ আৰু ৩২ মিনিটত ৰ’নাল্ডোৱে গ’ল স্ক’ৰ কৰি হেটট্রিক অর্জন কৰে৷ ইপিনে, ৬১ মিনিটত কাগলিয়াৰিয়ে গ’ল স্ক’ৰ কৰি মেচখনত পৰাজয়ৰ ব্যৱধান ৩–১লৈ হ্রাস কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply