লাভলীনাক উৎসাহ যোগাবলৈ চাইকেল ৰেলী

নিউজ ডেস্ক: জাপানৰ টকিঅ’ত অনুষ্ঠিত অলিম্পিক গেমছ ২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া জীয়ৰী লাভলীনা বৰগোঁহাইক উৎসহিত কৰা লক্ষ্যৰে দিছপুৰ লাষ্ট গেটৰ পৰা নেহেৰু ষ্টেডিয়ামলৈ আয়োজিত চাইকেল ৰেলী অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে উদ্ধোধন কৰে ।

অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনোৱাৰ বাবে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “Go for Glory- Lovlina” নামৰ চাইকেল ৰেলীৰ ফ্লেগ্ অফ্ কৰে।
দিশপুৰৰ লাষ্টগেট অঞ্চলৰপৰা নেহৰু ষ্টেডিয়াম পৰ্যন্ত আয়োজিত এই চাইকেল ৰেলীত শাসক-বিৰোধী উভয় পক্ষৰ বিধায়কসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে।এই বিশেষ চাইকেল ৰেলীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ,বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ লগতে বহু কেইগৰাকী শাসক বিৰোধীৰ বিধায়কে গ’ ফৰ গ্ল’ৰী লাভলীনা শ্লোগানেৰে মুখৰ কৰি তোলে গুৱাহাটী মহানগৰী ।

লাভলীনাক উৎসাহ যোগাবলৈ আয়োজন কৰা চাইকেল ৰেলীত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকো অংশ লোৱা দেখা যায় । অনুষ্ঠানত লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইকো সম্বৰ্ধনা জনাই।

লগতে পঢ়ক পেগাছাচ কাণ্ডক মোদী চৰকাৰৰ বিৰুদ্ধে এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ আখ্যা মুখ্য মন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply