গুৱাহাটী : অসম চাইক্লিং খেলুৱৈ সকলে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিব লাগিব। প্ৰতিটো প্ৰতিযোগিতাত “জয় আই অসম”ৰ মহামন্ত্ৰৰে খেলুৱৈ সকলে নিজৰ শ্ৰেষ্ঠ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অসমীয়া জাতিৰ মান ৰাষ্ট্ৰীয় স্তৰত জিলিকাই তুলিব লাগিব । অসম চাইক্লিং সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম ৰাজ্যিক ৰোড চাইক্লিং চেম্পিয়নশ্বিপ ২০২১ ৰ সামৰণি অনুষ্ঠানত এই মন্তব্য কৰে সন্থাৰ ৰাজ্যিক সভাপতি তথা মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে।

উল্লেখযোগ্য যে সোণাপুৰৰ চাকনিবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অসম চাইক্লিঙ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰোড চাইক্লিং প্ৰতিযোগিতাখনৰ সফল সামৰণি পৰে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৪ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা-ছোৱালী, ১৬ বছৰৰ অনুৰ্ধ্বৰ ল’ৰা-ছোৱালী আৰু ১৮ বছৰৰ উৰ্ধৰ ইলাইট ক্লাছৰ যুৱক-যুৱতী সকলে অংশ গ্ৰহণ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ পাৰদৰ্শীতা প্ৰদৰ্শন কৰা খেলুৱৈ সকলক অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত সভাত অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিঙ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, এল এন আই পি ইৰ ডীন শংকৰ বসুমতাৰী, জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্হিত থাকি প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা খেলুৱৈসকলৰ মাজত বঁটা সমূহ প্ৰদান কৰি খেলুৱৈ সকল উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপে পৰিবেশন কৰা কেইবাটাও জনপ্ৰিয় গীতে পৰিৱেশটোক আন এক অনন্য মাত্ৰা প্ৰদান কৰে।

লগতে পঢ়ক : আন্দোলন শীঘ্ৰে প্ৰত্যাহাৰ কৰা নহ’ব : ৰাকেশ টিকেট

আদৰণী ভাষণত অসম চাইক্লিং সন্থাৰ সাধাৰণ সম্পাদক ড° তপন দাসে কয় যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈ সকলৰ মাজত প্ৰচুৰ সম্ভাৱনা আছে আৰু তেওঁলোকে নি:সন্দেহে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি চাইক্লিঙৰ সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ব।ইপিনে, দুদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা খেলুৱৈসকলে কুৰুক্ষেত্ৰত হ’ব লগীয়া আগন্তুক ৰাষ্ট্ৰীয় ৰোড চাইক্লিঙত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply