স্মৃতি ৰেখা লাহন,টীয়ক: টীয়কৰ গুৱাল গাঁৱত জ্ঞানজ্যোতি যুৱ সংঘৰ উদ্যোগত তথা গাঁৱবাসীৰ সহযোগত এখনি প্ৰাইজমনি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অঞ্চলটো প্ৰায় কুৰিটা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ উদ্বোধন কৰে মধ্য টীয়ক গাঁও পঞ্চায়তৰ সভাপতি তথা প্ৰাক্তন খেলুৱৈ কৰুণা বৰাই।
উল্লেখযোগ্য যে এই উদ্বোধনী অনুষ্ঠানত আগন্তুক নিৰ্বাচনৰ লোক গণ শক্তিৰ টীয়ক সমষ্টিৰ প্ৰাৰ্থী ৰুবী বৰা উপস্থিত থাকি উপস্থিত খেলুৱৈ তথা ৰাইজক উৎসাহিত কৰে।গ্ৰাম্যাঞ্চলৰ শুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে গাঁৱখনৰ যুৱকসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে তাক সকলোৱে আদৰণী জনাইছে।