মহাধিবক্তা দেৱজিত শইকীয়াক সম্বৰ্ধনা

ৰাজ্যৰ মহাধিবক্তা হিচাবে নতুনকৈ নিযুক্তি লাভ কৰা জ্যেষ্ঠ অধিবক্তা তথা অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াক আজি অসম ক্ৰিকেট সন্থা পৰিয়ালে সম্বৰ্ধনা জ্ঞাপন কৰে। বর্ষাপাৰাৰ অসম ক্ৰিকেট সন্থা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াক সম্বৰ্ধনা জনাই দিয়া ভাষণ প্ৰসংগত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই শইকীয়াৰ কৰ্মপটুতাৰ শলাগ লয়। দেৱজিত শইকীয়াই এ চি এৰ সম্পাদক হিচাবে অসমৰ ক্ৰিকেটৰ মানচিত্ৰখন সলনি কৰি দিয়া বুলি উল্লেখ কৰি দত্তই কয় যে, কৰ্মদক্ষতা তথা কঠোৰ পৰিশ্ৰমৰ বলত দেৱজিত শইকীয়া আজি ৰাজ্যৰ মহাধিবক্তাৰ দৰে সন্মানজনক এক পদবী লাভ কৰিছে।

সম্বৰ্ধনা গ্ৰহণ কৰি শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তৰ লগতে সন্থাৰ উপ সভাপতি পৰীক্ষিত দত্ত, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া, এপেক্স কাউন্সিলৰ সদস্য তাপস চক্ৰৱৰ্তী, ষ্টেট ক্ৰিকেট একাডেমীৰ টেকনিকেল ডাইৰেক্টৰ, গণেশ দত্ত , হোজাই জিলা ক্ৰিকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ আদি উপস্থিত থাকে ।

লগতে পঢ়ক মহানগৰীত সান্ধ্যআইনত বিজেপি নেতাক চাইকেল চলোৱাত বাধা দিয়াৰ বাবেই চাকৰি গ’ল আৰক্ষীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply