নিউজ ডেস্ক : ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰীয়ে মহিলাৰ বিশ্ব ৰেংকিঙত শীৰ্ষ স্থান অধিকাৰ কৰিছে। দেওবাৰে পেৰিছত অনুষ্ঠিত বিশ্ব কাপ ষ্টে’জ থ্ৰিত মহিলাৰ একক, দলীয় আৰু মিক্সড ৰিকাৰ্ভ ইভেণ্টত তেওঁ সোনৰ পদক অৰ্জন কৰে।

দলীয় শাখাৰ ফাইনেলত দীপিকা কুমাৰী, অংকিতা ভকত আৰু কোমালিকা বৰিৰ দলে মেক্সিকোৰ দলক পৰাস্ত কৰে। ইয়াৰ পিছতে মিক্সড শাখাত দীপিকা তেওঁৰ স্বামী অতনু দাসৰ যুটিয়ে নেডাৰলেণ্ডৰ মিক্স ডাবল যুটিক ৫-৩ ব্যৱধানত পৰাস্ত কৰে।

একক শাখাত আৰ্চাৰ গৰাকীয়ে ৰাছিয়াৰ এলেনা অছিপোভাক ৬-০ ব্যৱধানত পৰাস্ত কৰি বিশ্ব কাপত চতুৰ্থ বাৰৰ বাবে স্বৰ্থ পদক লাভ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক : যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি মহিলা কৰ্মচাৰীক বৰ্খাস্ত

এই পৰ্য্যন্ত তেওঁ বিশ্ব কাপত অৰ্জন কৰিছে মুঠ ৯টা সোণ, ১২ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক। ‘বিশ্ব কাপত এইবাৰেই প্ৰথম মই গোটেই তিনিটা পদক অৰ্জন কৰিছো। মোৰ যথেষ্ট আনন্দ লাগিছে।’ তেওঁ কয়।

অহা মাহত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকছত ভাৰতক প্ৰতিনিধিত্ব কৰা তেওঁৱেই একমাত্ৰ মহিলা আৰ্চাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply