৬৮ সংখ্যক বৰদলৈ ট্ৰফীত চেম্পিয়নৰ সম্মান অৰ্জন কৰিলে দিল্লী এফ চিয়ে। দেওবাৰে বিয়লি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত দিল্লী এফ চি দলে নাগালেণ্ড পুলিচ দলক একমাত্ৰ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

এইবাৰ টুৰ্ণামেণ্টত ১৬টা দলে অংশগ্ৰহণ কৰিছিল।টুৰ্ণামেণ্টত বিজয়ী দলটোৱে লাভ কৰে ২লাখ টকাৰ বিপৰীতে ৰানাৰ্ছ আপে লাভ কৰে ১লাখ টকা। তাৎপৰ্যপূৰ্ণ কথা এই যে দিল্লী এফ চিয়ে প্ৰথমবাৰৰ বাবে ফাইনেলত অৱৰ্তীন হৈছিল।বিপৰীতে নাগালেণ্ড পুলিচে ২০০৯চনত ফাইনেলত অৱৰ্তীন হৈছিল।

নাগালেণ্ড পুলিচ

খেলৰ ৬৮ মিনিটত দিল্লী এফ চিৰ জাপানী মিডফিল্ডাৰ কিছুকি ইয়াকাজামিয়ো দলৰ হৈ একমাত্ৰ বিজয় সূচক গ’লটো কৰে। জাপানী খেলুৱৈগৰাকীয়ে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে।
বঁটা বিতৰণী অনুষ্ঠানত আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জি পি সিং, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, এথলেটিকছ ফেডাৰেছন অব ইণ্ডিয়াৰ উপসভাপতি লক্ষ্য কোঁৱৰ মহানগৰ আৰক্ষী আযুক্ত হৰমিত সিং, যুটীয়া আৰক্ষী আযুক্ত পাৰ্থসাৰথি মহন্ত, জি এছ এৰ সভাপতি পুলক গোস্বামী, সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply