ধেমাজিঃ ধেমাজি এচ এফ এচ স্কুলৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ বিদ্যালয়ৰ প্ৰাংগনত আৰম্ভ হৈছে চতুৰ্থ আন্তঃবিদ্যালয় টাইকাণ্ডো চেম্পিয়নশ্বিপ– ২০২২প্ৰতিযোগিতা ৷ আৰম্ভনি অনুষ্ঠানৰ দিনা পুৱা ৯ বজাত অতিথিসকলক বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী সকলে মিউজিক বেণ্ডপাৰ্টিয়ে আদৰণি জনায় ৷ ধেমাজি এচ এফ এচ স্কুলৰ অধ্যক্ষ ফাদাৰ ভিন্টু আগৰ্ষ্টটিনে সভাৰ আতঁ ধৰা পিছতেই বন্তিপ্ৰজ্বলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভণী কৰে ডিব্ৰুগড়ৰ এম এচএফ এচৰ প্ৰভিনচিয়েল কাউন্সিলৰ ফাদাৰ থমচনে ৷

শুভাৰম্ভণীৰ মুহূৰ্তত ফাদাৰ থমচনে বক্তব্যত এনে অনুষ্ঠান আয়োজন কৰা বাবে উদ্যোক্তা কৰি বৰ্তমান সময়ত এনেধৰনৰ টাইকাণ্ডো বিদ্যা থাকিলে ছাত্ৰ-ছাত্ৰী অথবা যুৱক -যুৱতীৰ প্ৰত্যেকেই বিপদৰ সময়ত আত্মৰক্ষাৰ বাবে সদায় সুৰক্ষা অনুভৱ কৰিব বুলি উল্লেখ কৰে ৷ উদ্যোক্তা সকলে আয়োজন কৰা এই চেম্পিয়নশ্বিপে অঞ্চলটোৰ বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে যথেষ্ট উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

প্ৰতিযোগিতাৰ প্ৰথম খেল খনিৰ শুভাৰম্ভ কৰে ধেমাজি জিলা পৰিষদৰ সভাপতি মহন গগৈয়ে ৷ শুভাৰম্ভণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলা টাইকাণ্ডো এছ’ছিয়েচনৰ উপদেষ্টা তথা পশ্চিম ধেমাজি কলেজৰ অধ্যক্ষ ললিত দিহিঙীয়া, জিলা টাইকাণ্ডো এছ’ছিয়েচনৰ কাৰ্য্যকৰী সভাপতি ডাঃ দিগন্ত ভাগৱতী , ধেমাজি জিলা ক্ৰীয়া সন্হাৰ সম্পাদক যতীন বুঢ়াগোঁহাই , চিলাপথাৰ ডনবক্স স্কুলৰ প্ৰিন্সিপাল ফাদাৰ আগৰ্ষ্টটিন যছেপ , গোগামুখ খাইছকিং স্কুলৰ প্ৰিন্সিপাল ফাদাৰ বিজু কানিচেৰ , টেলেম এচ এফ স্কুলৰ প্ৰিন্সিপাল ফাদাৰ চিবাই মেথিউ, চিলাপথাৰ এচ এফ এচ চি বি এচ ই স্কুলৰ প্ৰিন্সিপাল ফাদাৰ জবিন মেথিউ , এচ এফ এচ স্কুলৰ জ্যেষ্ঠ ষ্টাফ ফাদাৰ বিপিন জৰ্জকে ধৰি বহুকেইগৰাকী অতিথিয়ে উপস্থিত থাকে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা টাইকাণ্ডো চেম্পিয়নশ্বিপত ৯ খন জিলাৰ বিদ্যালয় সমূহৰ মুঠ ৫১৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply