গুৱাহাটীঃ ১৬আগষ্টৰ পৰা কলকতাত অনুষ্ঠিত হৈছে ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত ১৩১ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুুপ ‘ডি’ৰ মুঠ ১০খন মেচ আজিৰে পৰা চাৰি ছেপ্তেম্বৰলৈকে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন মেচত নৰ্থ ইষ্ট ইউনাইটেড সন্মুখীন হ’ব ওড়িছা এফ চিৰ। গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত আবেলি ৪.৩০ বজাৰ পৰা হ’বলগীয়া উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আনহাতে ভাৰতীয় সেনা, অসম আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া সকলো উপস্থিত থাকিব।

এইবাৰ ডুৰাণ্ড কাপৰ থীম ছঙটোত খেল অনুষ্ঠিত হোৱা তিনিওখন চহৰৰ প্ৰতিফলন তথা ডুৰাণ্ড কাপৰ ঐতিহ্যসম্বলিত ভিডিঅ’ গীতটোত কন্ঠদান কৰিছে বলিউডৰ দুই জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্ত,কলকাতাৰ চান, আৰু মণিপুৰৰ ৰাৱবেন মাছাংভায়ে।

১৩১ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ মেচ এইবাৰ দেশৰ তিনিখন চহৰ ক্ৰমে কলকাতা, গুৱাহাটী আৰু ইম্ফলত আয়োজন কৰা হৈছে । প্ৰতিযোগিতাত অংশ ল’ব দেশৰ আগশাৰীৰ ২০টা ক্লাবে, ইয়াৰে ১১টা আই এছ এলৰ ক্লাৱ আৰু ভাৰতীয় সামৰিক বাহিনীৰ চাৰিটা দলৰ লগতে আন পাঁচটা ক্লাৱ হ’ল আই লীগৰ। এটা গ্ৰুুপত পাঁচটাকৈ দল অন্তৰ্ভুক্ত কৰি চাৰিটা গ্ৰুুপ কৰা হৈছে। প্ৰতিটো গ্ৰুুপৰ শীৰ্ষ দুটা দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। ফাইনেল, ছেমি ফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ’ব কলকতাত। আনহাতে,গুৱাহাটীত খেলিব লগা গ্ৰুুপ ‘ডি’ৰ পাঁচটা দল হ’ল নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ওড়িছা এফ ছি, ছুডেবা দিল্লী এফ চি, কেৰেলা ব্লাষ্টাৰ্ছ এফ চি আৰিু আৰ্মি গ্ৰীন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply