গুৱাহাটী: ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন মেচতে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে নৰ্থ-ইষ্ট ইউনাইটেড।

আজি গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ তৃতীয়খন মেচত নৰ্থ-ইষ্ট ইউনাইটেড ওড়িশা এফ চিৰ হাতত ৬-০ গ’লত পৰাস্ত হয়।

উল্লেখযোগ্য যে যোৱা ১৬ আগষ্টৰ ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত ১৩১ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে।

১৬ আগষ্টত কলিকতাত অনুষ্ঠিত প্ৰথমখন মেচত  মোহমেদান এছ চিয়ে এফ চি গোৱাক ৩-১ গ’লত পৰাস্ত কৰিছিল।

এইবাৰ দেশৰ তিনিখন চহৰ কলিকতা, গুৱাহাটী আৰু ইম্ফলত এই প্ৰতিযোগিতাৰ মেচসমূহ অনুষ্ঠিত হ’ব। আজি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত আবেলি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে পঢ়ক – বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বৰ্ডত অন্তৰ্ভুক্ত সৰ্বানন্দ সোণোৱাল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply