শিৱসাগৰত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাত অংশগ্ৰহন কৰি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ৫ গৰাকী প্ৰতিযোগীয়ে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হয়।
শিৱসাগৰৰ যোগছানা স্পৰ্টছ সংস্থাৰ উদ্যোগত আয়োজিত পূব অসম যোগছানা স্পৰ্টছ চেম্পিয়নশ্বিপত গোলাঘাট জিলাৰ হৈ বৰপথাৰ যোগ প্ৰশিক্ষক ৰঞ্জন ঠেঙালৰ তত্বাৱধানত অংশগ্ৰহন কৰা ৰূপান্তৰ প্লাৱন বৰা যোগ কুমাৰ হিচাপে পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
আনহাতে ছাব জুনিয়ৰ ল’ৰাৰ শাখাত, ৰঞ্জিত বৰা দ্বিতীয় আৰু ছাবজুনিয়ৰ ছোৱালী শাখা তনুশিখা ভূঞা দ্বিতীয় ,অৰিজিতা শইকীয়া তৃতীয় আৰু হিমাদ্ৰী বৰাই দশম স্থান পাবলৈ সক্ষম হয় ।