নিউজ ডেস্কঃ পুনৰ অসমবাসীৰ বাবে এক গৌৰৱ। আৰৱ সাগৰত ১০ ঘন্টাত ৩৮ কিঃমিঃ জলপথ অতিক্ৰম কৰি দুঃসাহসিকতাৰ পৰিচয় দিলে অসম সন্তান এলভিছ আলি হাজৰিকাই।
প্ৰচণ্ড শীত,সাগৰৰ তীব্ৰ লহৰকো নেওচি মহাৰাষ্ট্ৰৰ ধৰমতাৰ জেট্টিৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি এই অভিলেখ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীৰ। এই সাঁতোৰ তেওঁ উচৰ্গা কৰিছে অসম অলিম্পিক সন্থাৰ নামত।
এই সাফল্য তেওঁৰ এক দীৰ্ঘদিনীয়া সপোনৰ অশেষ কষ্টৰ ফল বুলি উল্লেখ কৰে এলভিছ আলি হাজৰিকাই। এই অভিলেখৰ বাবে তেওঁ ছমাহ ধৰি প্ৰস্তুতি চলাই আহিছিল।
লগতে পঢ়কঃলামডিঙৰ উচ্ছেদিত সকলৰ পুনৰ সংস্থাপনকলৈ অসন্তুষ্ট একাংশ লোক
সোমবাৰে নিশা ১ বজাত আৰৱ সাগৰৰ জলপৃষ্ঠত নামিছিল সাঁতুৰবিদ গৰাকীয়ে। ১০ঘন্টীয়া এই সময়খিনিত সাগৰত নানা প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লগা হৈছিল সাতোঁৰবিদগৰাকীয়ে। তেওঁৰ সহযোগী আছিল ৰিলে পাৰ্টনাৰ ৰিম’ সাহা।
উল্লেখযোগ্য যে, দেশৰ ভিতৰতে এই পইন্টটো আছিল দ্বিতীয় দুঃসাহসিক পইন্ট। এই পইন্টত সাঁতুৰি অভিলেখ গঢ়া উত্তৰ-পূবৰ তেওঁৱেই প্ৰথমজন সন্তৰণবিদ।
এলভিছৰ এই সাফল্যত নিজ গৃহভূমি অসমৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ লগতে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই শুভেচ্ছা জ্ঞাপন কৰে।