বিশ্ব ফুটবলৰ অন্যতম আকৰ্ষণীয় ইউৰো ২০২০ আজিৰে পৰা আৰম্ভ হ’ব ৷ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পিছতে গুৰুত্বপূর্ণ প্রতিযোগিতা হিচাপে বিবেচিত ইউৰো ২০২০ ফুটবল প্রতিযোগিতাখন ক’ভিডৰ সংহাৰী পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছিল ৷গুগলৰ ডুডলত আজি ইউৰো কাপ প্ৰতিযোগিতাই স্থান লাভ কৰিছে৷
১৯৬০ চনৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখন প্রতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছিল ৷
আয়োজক উৱেফাৰ কার্যবাহী সমিতিয়ে প্রতিযোগিতাখন ২০২১ চনৰ ১১ জুনৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ উল্লেখ্য যে প্রতিযোগিতাখন এতিয়ালৈকে দুখন দেশে আয়োজন কৰি আহিছিল যদিও এইবাৰ প্রথমবাৰৰ বাবে ১১খন দেশে লগ লাগি প্রতিযোগিতাখন আয়োজন কৰিছে৷ ২৪টা দলে অংশগ্রহণ কৰিবলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন ১১ জুলাইত অনুষ্ঠিত হ’ব৷
আজি নিশা ১২.৩০ বজাত আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত ইটালীয়ে তুৰস্কৰ বিপক্ষে মুখামুখি হ’ব৷ ১৯৬৮ চনত প্রথমবাৰৰ বাবে প্রতিযোগিতাখনৰ খিতাপ জয় কৰা ইটালীয়ে কাইলৈ বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত প্রত্যয়জনক আৰম্ভণি কৰাৰ লক্ষ্য লৈছে৷ এতিয়ালৈকে দলটোৱে ৯বাৰ প্রতিযোগিতাখনত ভাগ লৈছে যদিও এবাৰেই চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷
১৯৬৮ চনত প্রতিযোগিতাখনত অংশগ্রহণ কৰিয়েই চেম্পিয়ন হোৱা ইটালীয়ে এতিয়ালৈকে প্রতিযোগিতাখনত উন্নত প্রদর্শন দাঙি ধৰাত ব্যৰ্থ হৈ আহিছে ৷ পূর্বৰ সকলো ব্যর্থতা আঁতৰাই এইবাৰ এক নতুন উদ্যমেৰে খেলপথাৰত নমাৰ লক্ষ্য লৈছে প্রাক্তন চেম্পিয়ন দলটোৱে৷
ইপিনে, তুৰস্কয়ো এতিয়ালৈকে পাঁচবাৰ প্রতিযোগিতাখনত অংশগ্রহণ কৰি ২০০৮ চনত প্রতিযোগিতাৰ ছেমিফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে জার্মানী আৰু স্পেইনে এতিয়ালৈকে ইউৰো চেম্পিয়নৰ সর্বাধিক খিতাপ জয় কৰিছে৷
দুয়োটা দলে তিনিবাৰকৈ চেম্পিয়ন হোৱাৰ বিপৰীতে ফ্রান্সে দুবাৰ, ছোভিয়েট ইউনিয়ন, ইটালী, চেকোশ্ল’ভাকিয়া, নেদাৰলেণ্ডছ, ডেনমার্ক, গ্রীচ আৰু পর্তুগালে এবাৰকৈ খিতাপ জয় কৰিছে৷ উল্লেখ্য যে ২০১৬ চনত অনুষ্ঠিত প্রতিযোগিতাখনত পর্তুগালে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল৷