ইটালীয়ে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ খিতাপ জিকিছে। ইউৰো ২০২০ৰ ফাইনেলত, দলটোৱে পেনাল্টি শ্বুট আউটত ইংলেণ্ডক ৩-২ গ’লত পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত দ্ৰ হৈ আছিল। ইংলেণ্ডে ৫৫ বছৰ ধৰি কোনো খিতাপ জয় কৰা নাই। ইটালীয়ে ইয়াৰ আগতে ১৯৬৮ চনত ইউৰো কাপ খিতাপ জিকিছিল। ইটালীয়ে ৩৪ খন খেলত কোনো খেলত পৰাজিত হোৱা নাই।

৯০ মিনিটৰ ৰণত ১-১ ত অমিমাংসিত হৈ পৰা খেলখনত অতিৰিক্ত ৬ মিনিট সময় বঢ়াই দিয়ে যদিও সেই ৬ মিনিটতো সমানে যুঁজ দিয়ে দুয়ো দলে। পুনৰ অতিৰিক্ত ৩০ মিনিট বঢ়াই দিয়া হয় । কিন্তু সেই অতিৰিক্ত সময়তো একে থাকিল দুয়ো দিল । অতিৰিক্ত সময়ৰ খেলৰ শেষতো দুয়ো দল সমান হৈ থকাত পেনাল্টী শ্বুট আউটৰ ব্যৱস্থা কৰে।
পেনেল্টী শ্বুটত ইটালীয়ে জয় লাভ কৰিবলৈ সক্ষম হয় । পেনাল্টী শ্বুটত ইটালীয়ে ৫ টাৰ ভিতৰত ৩ টা গ’ল কৰিবলৈ সক্ষম হয়, ইয়াৰ বিপৰীতে ইংলেণ্ডে ৫ টাৰ ভিতৰত ২টা গ’ল কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ১৯৬৮ চনৰ পিছত প্ৰথমবাৰলৈ ইটালীয়ে ইউৰো কাপ জয় কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক অসম মূলৰ সমীৰ বেনাৰ্জী উইম্বলডনৰ জুনিয়ৰ চেম্পিয়ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply