এখন ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰত ঘটা এটা মাৰপিটৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰা বহুতেই এই ভিডিঅ’টো অলপতে পাকিস্তান আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত এছিয়া কাপ, ২০২২ৰ খেলৰ বুলি দাবী কৰিছে।

ভিডিঅ’টোত একাংশ দৰ্শকক চিঞৰ-বাখৰ কৰি মাৰপিট কৰাৰ লগতে এজনে আনজনলৈ চকী আদি দলিওৱা দেখা যায়। টুইটাৰত এজনে ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে কেপচন দিয়ে, “After win #Pakistan quarrel between Afghanistan vs Pakistan fans. #PakvsAfg #AsiaCup2022.”

Archived link -ৰ বাবে ইয়াত ক্লিক কৰক।

একেধৰণৰ দাবী কৰি ফেচবুকতো বিভিন্নজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছে। (Archived link -ৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক।) অৱশ্যে, আমি অনুসন্ধান কৰি এইধৰণৰ দাবীসমূহ মিছা বুলি জনাৰ লগতে ভিডিঅ’টো ২০১৯ চনৰ বুলি জানিব পাৰো।

ফেক্ট-চেক:

আমি InVID tool-ৰ সহায়ত ভিডিঅ’টোৰ বিভিন্ন keyframe-ত ভাগ কৰি Google আৰু Yandex-ত reverse image search কৰোঁ। reverse image search-ৰ জৰিয়তে আমি ২০১৯ চনৰ ২৯ জুনত আপল’ড কৰা এই ফেচবুক ভিডিঅ’টো লাভ কৰো।

ইয়াৰ পিছত আমি আন এটা keyframe-ৰ reverse image search কৰি ২০১৯ চনৰ ২৯ জুনত The Sun-ত প্ৰকাশ পোৱা এই বাতৰিটো লাভ কৰো। উক্ত প্ৰতিবেদনৰ মতে এই ঘটনা ইংলেণ্ডৰ লীডছত থকা হেডিংলে ষ্টেডিয়ামত ঘটিছিল।

২০১৯ চনৰ ICC ৱৰ্ল্ড কাপৰ এখন খেলত পাকিস্তানৰ হাতত আফগানিস্তান পৰাস্ত হোৱাৰ পিছতে তাত উপস্থিত দৰ্শকৰ মাজত মাৰপিট লাগে বুলি প্ৰতিবেদনটোত কোৱা হয়।

ইয়াৰ উপৰি আমি উপযুক্ত keyword ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰাত এই সংক্ৰান্তীয় বহু কেইটা বাতৰি দেখিবলৈ পাওঁ। ২০১৯ চনৰ ২৯ জুনত Outlook -ত প্ৰকাশ পোৱা এই প্ৰতিবেদনৰ মতে একে দিনাখন হেডিংলে ষ্টেডিয়ামৰ বাহিৰতো দুয়োটা দলৰ অনুৰাগীসকলৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল।

ওপৰত উল্লেখিত প্ৰতিবেদন সমূহৰ পৰা আমি ভাইৰেল ভিডিঅ’টো যে অলপতে শ্বাৰজাহ ষ্টেডিয়ামত অনুষ্ঠিত পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ এছিয়া কাপ প্ৰতিযোগিতাৰ নহয় সেয়া নিশ্চিতভাৱে ক’ব পাৰো।

লগতে পঢ়ক – আৰু এটা ৰাজনৈতিক ‘জাতীয় দল অসম’ৰ কি প্ৰয়োজন?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply