মণিপুৰৰ মহিলা ভাৰউত্তোলক ২৬ বছৰীয়া মীৰাবাঈ চানুৱে আজি টকিঅ’ অলিম্পিকত ৰচনা কৰিলে নতুন ইতিহাস ।
৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰে মীৰাবাঈয়ে।
অলিম্পিকৰ ভাৰউত্তোলনত এইটো ভাৰতৰ প্ৰথম ৰূপৰ পদক।
২০০০ চনৰ অলিম্পিকত প্ৰথম ভাৰতীয় ভাৰউত্তোলক হিচাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল কাৰ্ণাম মালেশ্বৰীয়ে ।
মীৰাবাইৰ খেল চাবলৈ পুৱাৰে পৰা মণিপুৰৰ ঘৰখনত লোকে ভৰি পৰে |
দেউতাক মাকৰ লগতে ভনীয়েকেও খেন উপভোগ কৰি আনন্দিত হৈ পৰে ।
টকিঅ’ অলিম্পিকৰ প্ৰথমটো মেডেল উত্তপূবাঞ্চলৰ প্ৰতিযোগীৰ জৰিয়তে অহাৰ বাবে গৌৰব বোধ কৰে মণিপুৰৰ জনতাই ।
লগতে পঢ়ক পেগাছাছ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰকলৈ কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ