গুৱাহাটী : অসম ফেন্সিং সন্থাৰ উদ্যোগত দেওবাৰে ৰাজ্যিক ফেন্সিং প্ৰতিযোগিতাৰ সামৰণি পৰে। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত গুৱাহাটীয়ে ১১টা স্বৰ্ণ পদক লাভ কৰি শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে তিনিচুকীয়াই ৮ টা স্বৰ্ণ পদক লাভ কৰি দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাখনত ব্যক্তিগতভাৱে স্বৰ্ণ পদক দখল কৰা একাংশ খেলুৱৈ হ’ল (মিনি) ৰিচিকা দত্ত, সামাইৰা বৰুৱা, অনুৰাগ নাথ, ৰুদ্ৰ বড়়ো, চান ৰাভা, (ছিনিয়ৰ) ৰাজীৱ বড়ো, অবী গোহাঁই, টিংকু কায়স্থ, হিমাদ্রী মৰাণ, সুপ্ৰিয়া বৰা আৰু ডিম্পী মৰাণ। ইফালে, প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অসম ফেন্সিং সন্থাৰ সভাপতি দুৰ্গাদাস বড়ো, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, সহকাৰী সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী, মুখ্য কাৰ্যবাহী বিষয়া গৌতম চৌধুৰী, সহযোগী যুটীয়া সম্পাদক হীৰেণ গগৈ, অসম ফেন্সিং সন্থাৰ সাধাৰণ সম্পাদক বিপুল শৰ্মা আৰু কোষাধ্যক্ষ অংশুমান দত্তৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক :  নুনমাটিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

উল্লেখ্য, যে ৰাজ্যিক প্ৰতিযোগিতাখনৰ পূৰ্বে ২২-২৯ অক্টোবৰত সন্থাৰ উদ্যোগত ফেন্সিঙৰ এটা প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply