নিউজ ডেস্কঃ ফিফাই ভাৰতীয় ফুটবল ফেডাৰেচনক (এআইএফএফ) নিলম্বন কৰিছে। যাৰ ফলত ১১অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ অনুষ্ঠিত নহ’ব। অৱশ্যে, বিশ্বকাপ কেতিয়া অনুষ্ঠিত হ’ব সেয়া ফিফাই স্পষ্ট কৰা নাই।
শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ভাৰতীয় ফুটবল ফেডাৰেচন অধ্যক্ষ প্ৰফুল পেটেলক অপসাৰণ কৰি কমিটী অৱ এডমিনিষ্ট্ৰেচন গঠন কৰিছিল। কিন্তু ফিফাই অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ফিফাই তৃতীয় পক্ষৰ হস্তক্ষেপ স্বীকাৰ নকৰে।
চলিত বছৰৰ আৰম্ভণিতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত, ক্ৰীড়া মন্ত্ৰণালয়ে ভাৰতৰ ফুটবল ফেডাৰেচনৰ অধ্যক্ষ প্ৰফুল পেটেলক ক্ৰীড়া বিধি উলংঘা কৰাৰ বাবে অপসাৰণ কৰে আৰু ভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰে লগতে খেলখন পৰিচালনা কৰিবলৈ এখন সমিতিও গঠন কৰে।
শেষত, ফিফাই কৈছিল যে প্ৰফুল পেটেলৰ ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে। তেওঁৰ কাৰ্যকাল উকলি যোৱাৰ পাছতো ভাৰতীয় ফুটবল ফেডাৰেচনৰ অধ্যক্ষ হৈ আছিল। সেয়ে উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছিল। দেশৰ উচ্চতম ন্যায়ালয়ে এই বছৰৰ মে’ মাহত ফেডাৰেচনৰ কাৰ্যকৰী সমিতি ভংগ কৰি ভাৰতীয় ফুটবলৰ দায়িত্ব তিনিজনীয়া প্ৰশাসক সমিতিক দিয়া হয়। একে সময়তে, কোৱা হৈছিল যে ফেডাৰেচনৰ নিৰ্বাচন যিমান সম্ভৱ সোনকালে অনুষ্ঠিত কৰিব লাগে।
ইফালে, ভাৰতীয় ফুটবল ফেডাৰেচন আদালতত অভিযোগ কৰে যে পেটেলে এতিয়াও ফেডাৰেচনৰ কাম-কাজত নিজেই হস্তক্ষেপ কৰি আছে। ফিফাই ভাৰতীয় ফুটবল ফেডাৰেচনক স্পষ্ট কৰি দিয়ে যে ভাৰতীয় ফুটবল ফেডাৰেচন গণতান্ত্ৰিক উপায়েৰে নিৰ্বাচিত হ’লেহে ভাৰতত বিশ্বকাপ আয়োজনৰ অনুমতি দিয়াটো সম্ভৱ হ’ব।
বিষয়টো এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। দেশৰ উচ্চতম ন্যায়ালয়ে ভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচনৰ ওপৰত কি সিদ্ধান্ত লয় তাৰ ওপৰত নিৰ্ভৰ কৰিছে ভাৰতীয় ফুটবলৰ ভৱিষ্যত।