চাৰিখন মেচ। আঠটা দল। ছেমিফাইনেলৰ চাৰিটা স্থান দখলৰ অক্লান্ত প্ৰতিদ্বন্দ্বিতা। কাটাৰ বিশ্বকাপত ফুটবলে ইয়াৰ চূড়ান্ত নন্দনতত্ব বিচাৰি পোৱাৰ দুটা দিন। প্ৰথম দুখন কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল বনাম ক্ৰোৱেচিয়া আৰু নেদাৰলেণ্ড বনাম আৰ্জেণ্টিনা৷ পিছৰ দুখনত ইংলেণ্ড বনাম ফ্ৰান্স আৰু পৰ্তুগাল বনাম মৰক্কো। আহক প্ৰথমে আলোচনা কৰোঁ প্ৰথম দুখন হাইভল্টেজ মেচৰ সম্ভাৱ্য ৰণকৌশল, মূল যুঁজ আৰু সম্ভাৱ্য ফলাফলৰ বিষয়ে।

ব্ৰাজিল বনাম ক্ৰোৱেচিয়া

পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিল আৰু যোৱাবাৰৰ ৰাণাৰ্ছআপ ক্ৰোৱেচিয়া এতিয়ালৈ বিশ্বকাপত দুবাৰ মুখামুখি হৈছে। দুয়োবাৰেই ব্ৰাজিল জয়ী হৈছে (২০০৬ত ১-০ আৰু ২০১৪ত ৩-১ত)। এইবাৰো কাগজেকলমে ব্ৰাজিলৰে সম্ভাৱনা বেছি৷ কিন্তু ক্ৰোৱেচিয়া দুৰ্ধৰ্ষ যুঁজাৰুৰ দল। সুন্দৰ ফুটবল নহয়, সবল ফুটবল খেলে তেওঁলোকে। প্ৰশিক্ষক লাটকো ডেলিচে কৈ দিছে যে ব্ৰাজিল এই বিশ্বকাপৰ সবাতোকৈ শক্তিশালী দল হ’লেও তেওঁলোকে বল দখলত ৰাখি খেলা দলৰ সন্মুখত সংগ্ৰাম কৰিব লগা হ’ব পাৰে।

ডেলিচৰ হাতত আছে মাৰ্চেলো ব্ৰ’জ’ভিচ, মেটিঅ’ ক’ভেচিচ আৰু লুকা মড্ৰিচৰ দৰে অভিজ্ঞতা তথা কাৰিকৰী দক্ষতা থকা তিনি মিডফিল্ডাৰ যি বল দীঘলীয়া সময় দখলত ৰাখিব পাৰে। লগতে আছে যুৱ প্ৰতিভা জ’স্ক’ ভাৰ্ডিঅ’লৰ নেতৃত্বত সুদৃঢ় ৰক্ষণ। গ’লৰ বাবে আছে অভিজ্ঞ ইন ফৰ্ম ষ্ট্ৰাইকাৰ ইভান পেৰিছিচ। গতিকে ব্ৰাজিলৰ বাবে ক্ৰোৱেচিয়া সহজ প্ৰতিদ্বন্দ্বী নহ’ব।

ব্ৰাজিলৰ মধ্যভাগ মড্ৰিচৰ নেতৃত্বত দখল কৰিবলৈ চেষ্টা কৰিব যাতে কাছিমিৰোৱে খেল নিয়ন্ত্ৰণৰ সুবিধা নাপায়। ফৰৱাৰ্ড আৰু মিডফিল্ড লাইনৰ মাজত বলৰ যোগান বন্ধ কৰি নেইমাৰক বিপজ্জনক দৌৰ লৈ ভিনিছিয়াছ বা ৰাফিনহাৰে স্থান সলনিৰে ৰিচালিছনক স্ক’ৰ কৰাৰ জেগা উলিওৱাত বাধা দিব। এই ক্ষেত্ৰত জাপানৰ বিৰুদ্ধে ১৬ কিলোমিটাৰ দৌৰি ৰক্ষা কবচৰ ভূমিকা লোৱা হ’ল্ডিং মিডফিল্ডাৰ ব্ৰ’জ’ভিচৰ ভূমিকা হ’ব পাৰে নিৰ্ণায়ক।

ক্ৰোৱেচিয়াই এই মেচখন অতিৰিক্ত সময়লৈ নিবলৈ চাব যাতে ব্ৰাজিলৰ মনোবলত প্ৰভাৱ পৰি ভুল কৰে। কিন্তু ব্ৰাজিলৰ প্ৰতিভাৰ গভীৰতা ইমান বেছি যে ক্ৰোৱেচিয়াৰ প্ৰতিৰোধ দীৰ্ঘ সময় টিকি থাকিব বুলি মনে নধৰে। কেৱল এজন খেলুৱৈ নিৰ্ভৰ নহয় ব্ৰাজিল। গতিকে নেইমাৰক মেন মাৰ্ক কৰি থকা মানে ভিনিছিয়াছ বা ৰিচালিছন আনমাৰ্ক্‌ড হৈ বিপদ ঘটোৱা। গতিকে জ’নেল মাৰ্কিং হ’ব। তাৰ বাবেই ব্ৰ’জ’ভিচৰ দৰে বহু অক্লান্ত দুই ভৰিৰ প্ৰয়োজন হ’ব যদিও ব্ৰাজিলৰ কলাই ক্ৰোৱেচিয়াৰ শক্তিক ৯০ মিনিটৰ ভিতৰতে পৰাস্ত কৰিব পাৰিব যেন অনুভৱ হয়।

সম্ভাৱ্য ফলাফল: ব্ৰাজিল ২-১ ক্ৰোৱেচিয়া

আৰ্জেণ্টিনা বনাম নেদাৰলেণ্ড

বিশ্বকাপত এতিয়ালৈকে আৰ্জেণ্টিনা আৰু নেদাৰলেণ্ড ছবাৰ মুখামুখি হৈছে। আৰ্জেন্টিনাই তিনিবাৰ জিকিছে (১৯৭৪ৰ গ্ৰুপ, ১৯৭৮ৰ ফাইনেল আৰু ২০১৪ৰ ছেমিফাইনেল)। নেদাৰলেণ্ড এবাৰ জয়ী হৈছে (১৯৯৮ৰ কোৱাৰ্টাৰ ফাইনেল)। দুবাৰ ড্ৰ হৈছে। নিঃসন্দেহে এই মেচ হ’ব দুই সমান শক্তিৰ যুঁজ য’ত জয় কাৰ হ’ব সেয়া পোনছাটেই কৈ দিয়া কঠিন। আৰ্জেণ্টিনাই আক্ৰমণ আৰু বল দখলৰ মানসিকতাৰে আহিব নেদাৰলেণ্ডে ইয়াৰ পূৰ্বৰ টোটেল ফুটবলৰ সলনি পৰিস্থিতি সাপেক্ষ ফুটবল। সেয়ে নেদাৰলেণ্ডৰ প্ৰশিক্ষক লুই ভেন গালে তেওঁৰ কঠিন আৰু ৰক্ষণাত্মক ৩-৫-২ ফৰ্মেচন লৈ নামিব যেনে অনুভৱ হয়।

আৰ্জেণ্টিনাৰ ৰণনীতি মূলতঃ লিঅ’নেল মেছি কেন্দ্ৰিক হয় আৰু সেয়ে ভেন গালে তিনি ডিফেণ্ডাৰৰ লগত মিডফিল্ডাৰ ফ্ৰেংকি ডে য়ঙক মেছিক ৰোধত লগাব। দুয়ো উইঙৰ দুয়োজন কুশলী খেলুৱৈ ডেনজেল ডামফ্ৰীজ আৰু ডেলী ব্লিণ্ড হ’ব আক্ৰমণৰ মূল হোতা। মিডফিল্ডে আৰ্জেণ্টিনাৰ ৰক্ষণক নিজৰ ফালে টানি গ্ৰাউণ্ড পাছেৰে বক্সত সুৰুঙা উলিয়াবলৈ চাব।

কিন্তু বহুতে মানিব নুখুজিলেও আৰ্জেণ্টিনা মানেই কেৱল মেছি নহয়। আৰু মেছিক ৩৫ বছৰ বয়সতো মেন মাৰ্ক কৰা টান। সেয়ে জ’নেল মাৰ্কিং হ’ব। কিন্তু জ’নেল মাৰ্কিং মানেই মেছিক দুই তিনিজন ডাচ্চ খেলুৱৈ মন দিব লাগিব। ফলত মাজভাগৰ যুঁজখন নেদাৰলেণ্ডে হৰাৰ সম্ভাৱনা আহি যাব। এনজ’ ফাৰ্ণাণ্ডেজ আৰু মেক এলিষ্টাৰৰে গঠিত আৰ্জেণ্টিনাৰ মিডফিল্ড সবলেই। তাত ৰড্ৰিগ’ ডি পলৰ শৰীৰী উপস্থিতিয়ে আৰ্জেণ্টিনাৰ মিডফিল্ডত অতিৰিক্ত ধাৰ দিব পাৰে। আৰু মেছিক মন দিয়া মানেই নেদাৰলেণ্ডে নিজৰ ৰক্ষণত জুলিয়ান আলভাৰেজক মুকলি কৰি দিয়া। যদি এনহেল ডি মাৰিয়া দললৈ উভতে তেন্তে ডাচ্চ ৰক্ষণ আৰু অধিক সতৰ্ক হ’ব লাগিব। মুঠৰ ওপৰত এই মেচ অতিৰিক্ত সময়লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। টাইব্ৰেকাৰৰ সম্ভাৱনাও নথকা নহয়।

সম্ভাৱ্য ফলাফল: আৰ্জেণ্টিনা ১-০ নেদাৰলেণ্ড (অতিৰিক্ত সময়ত)

লগতে পঢ়ক – গুজৰাট আৰু হিমাচল প্ৰদেশত কোনে মাৰিব শেষ হাঁহি?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply