আৰ্জেণ্টিনা আৰু জাৰ্মানীৰ অপ্ৰত্যাশিত ফলাফলে ব্ৰাজিলৰ প্ৰশিক্ষক টাইটৰ ৰণকৌশলত প্ৰভাৱ চাগে পেলাইছিল। সেয়ে নেইমাৰ, ভিনছিয়াছ,ৰিচালিছন আৰু ৰাফিনহাৰে আক্ৰমণ বিভাগ গঠিত হোৱাৰ পাছতো ছাৰ্বিয়াৰ বিৰুদ্ধে ব্ৰাজিল প্ৰথমে আছিল সাৱধানী আৰু ধীৰ৷
৪-২-৩-১ ফৰ্মেচনত খেলা ব্ৰাজিলে দুই উইঙত ৰাফিনহা আৰু ভিনচিয়াছৰ গতিৰে আক্ৰমণৰ চেষ্টা চলাইছিল৷ নেইমাৰ আছিল পিছফালৰপৰা সূত্ৰধৰৰ দৰে৷ কাছিমিৰোৱে দখল কৰি ৰাখিছিল মিডফিল্ড৷ কিন্তু প্ৰথমাৰ্ধত এই ধীৰ কৌশলে বিশেষ কাম দিয়া নাছিল৷ ৩-৪-২-১ৰ আগ্ৰাসী ফৰ্মেচনত খেলা ছাৰ্বিয়াই শৃংখলাবদ্ধ ৰক্ষণ লাইট অটুট ৰাখি ব্ৰাজিলক ফলপ্ৰসূভাৱে বাধা দিছিল৷ তাৰ পাছতো ব্ৰাজিলে কমেও তিনিটা গ’ল স্ক’ৰ কৰাৰ সুযোগ পাইছিল। দ্বিতীয়াৰ্ধত টাইটে ৰণনীতি সলনি কৰিছিল আৰু ছাৰ্বিয়াৰ ৰক্ষণ ভেদিবলৈ প্ৰথমৰেপৰা নেইমাৰ, ভিনছিয়াছ আৰু ৰাফিনহাই তীব্ৰ চাপ প্ৰয়োগ কৰে৷ ৰিচালিছন থাকে সন্মুখত সুযোগৰ অপেক্ষাত৷
লাহে লাহে ছাৰ্বিয়ান ৰক্ষণত ছিদ্ৰ ওলাবলৈ ধৰে৷ এই ধাৰাবাহিক চাপৰ পাছতে ভিনছিয়াছৰ শ্বট ছাৰ্বিয়ান গ’লকীপাৰ ছেভিচে প্ৰতিহত কৰিলেও বল আয়ত্ত কৰি ৰিচালিচনে সহজ টেপ ইনেৰে প্ৰথমটো গ’ল দিয়ে৷ তাৰ পাছত আক্ৰমণৰ মাত্ৰা বৃদ্ধি পায় আৰু ভিনছিয়াছৰ এটা ওখ ক্ৰছত ৰিচালিছনে বাইচাইকেল কিকেৰে দিয়ে দ্বিতীয়টো গ’ল৷ নিঃসন্দেহে এইবাৰৰ টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ গ’লৰ দাবীদাৰ হ’ব এই গ’লটো৷
বিশ্বকাপৰ পূৰ্বে ব্ৰাজিলৰ নম্বৰ ৯ কোন হ’ব তাক লৈ দ্বিধা আছিল৷ বিশেষকৈ লিভাৰপুলৰ ৰবাৰ্টো ফাৰমিনহোক দলৰপৰা বাদ দিয়া আৰু আৰ্ছেনালৰ ইন ফৰ্ম ফৰৱাৰ্ড গেব্ৰিয়েল জেছুছ প্ৰথম পছন্দ নোহোৱাত টটেনহাম হটস্পাৰৰ ৰিচালিছনৰ ওপৰতে দায়িত্ব আহিছিল৷ ক্লাব পৰ্যায়ত এই ছিজনত ৰিচালিছনৰ নামত আছিল মাত্ৰ ৩টা গ’ল৷ কিন্তু টাইটৰ আস্থা তেওঁৰ ওপৰতে আছিল৷ কালিৰ মেচত ৰিচালিছনে প্ৰশিক্ষকৰ এই আস্থাৰ মূল্য দিলে৷ তাৰ লগতে নেইমাৰৰ খ্যাতিয়ে ঢাকি ৰাখিলেও টাইটৰ আক্ৰমণ বিভাগত কালি সকলোতকৈ বেছি জিলিকিছিল ৰিয়াল মাদ্ৰিদৰ ভিনছিয়াছ জুনিয়ৰ৷ গতি আৰু স্কিলেৰে ভিনছিয়াছে বাৰে বাৰে ছাৰ্বিয়াৰ ৰক্ষণত কঁপনি তুলিছিল। দুয়োটা গ’লত ভিনছিয়াছৰে অৰিহণা আছিল। পৰৱৰ্তী পৰ্যায়তো টাইটৰ তুৰূপৰ তাছ হ’ব তেওঁ।
আনহাতে অভিজ্ঞ কাছিমিৰোৱে মিডফিল্ড দখল কৰি ৰাখিলে গেম অধ্যয়ন আৰু স্পেচ দখলৰ অনবদ্য দক্ষতাৰে৷ তেওঁৰ এই দক্ষতাৰ বাবেই ছাৰ্বিয়াৰ বাবে প্ৰত্যাক্ৰমণ প্ৰায় অসম্ভৱ হৈ পৰিছিল৷
পূৰ্বানুমান: ব্ৰাজিলে পৰৱৰ্তী মেচত জয়ী হ’লেই ৰাউণ্ড অব্ ১৬ পাব৷ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে বিশেষ সমস্যা হ’ব নালাগে৷ প্ৰতিভা আৰু ফৰ্মৰ জোখেৰে ব্ৰাজিল এইবাৰ কমেও ফাইনেল পাব বুলি দৃঢ়তাৰেই ক’ব পাৰি৷
লগতে পঢ়ক – মেঘালয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ পিছত ইন্ধন পৰিবহণৰ সিদ্ধান্ত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ